Home Breaking কংগ্ৰেছ এৰিলে অভিনেত্ৰী উৰ্মিলাইঃ পাঁচ মাহতে বিৰক্তি ৰাজনীতিলৈ

কংগ্ৰেছ এৰিলে অভিনেত্ৰী উৰ্মিলাইঃ পাঁচ মাহতে বিৰক্তি ৰাজনীতিলৈ

26
0

মুম্বাইঃ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে। বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত তেওঁ কংগ্ৰেছত যোগদান কৰি মুম্বাই নৰ্থ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ হাতত পৰাজিত হৈছিল। ইয়াৰ পিছতে উৰ্মিলাই দলৰ একাংশ নেতাৰ বিৰুদ্ধে ইখনৰ পিছত সিখনকৈ চিঠি লেখাত ব্যস্ত আছিল হাইকমাণ্ডলৈ। বিশেষকৈ মহাৰাষ্ট্ৰৰ অগ্ৰণী নেতা মিলিন্দ দেউৰা আৰু অন্যান্য সকলৰ বিৰুদ্ধে সঘনে চিঠি লিখি শীৰ্ষ নেতৃত্বক বিৰক্ত কৰিছিল। যাৰ বাবে শীৰ্ষ নেতৃত্বই উৰ্মিলাৰ চিঠিৰ উত্তৰ দিয়া নাছিল। আনহাতে মুম্বাই কংগ্ৰেছ পুনৰ গঠন কৰাৰ সময়ত কংগ্ৰেছে উৰ্মিলাক গুৰুত্ব নিদিলে। তেওঁ অভিযোগ দাখিল কৰা একাংশক গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত কৰিছে। ইয়াতে ক্ষুন্ন হৈ উৰ্মিলাই পাঁচ মহীয়া ৰাজনৈতিক জীৱন ত্যাগ কৰি মুক্ত হোৱা দেখা গ’ল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here