Home মুখ্য পৃষ্ঠা পাক বৈদেশিক মন্ত্ৰীৰ স্বীকাৰোক্তিঃ ৰাষ্ট্ৰ-সংঘত মিছা বক্তব্যৰ মাজতে ওলাল সঁচা কথা,জম্মু-কাশ্মীৰ ভাৰতীয়...

পাক বৈদেশিক মন্ত্ৰীৰ স্বীকাৰোক্তিঃ ৰাষ্ট্ৰ-সংঘত মিছা বক্তব্যৰ মাজতে ওলাল সঁচা কথা,জম্মু-কাশ্মীৰ ভাৰতীয় ৰাজ্য

38
0

লাহোৰঃ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছীয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াত মিছা বক্তব্যৰ মাজতে স্বীকাৰ কৰিলে এটা সঁচা কথা। যাৰ বাবে সমগ্ৰ পাকিস্তানতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। একাংশই শ্বাহ মাহমুদৰ পদত্যাগ দাবী কৰা দেখা গৈছে।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাউন্সিলৰ ৪২ সংখ্যক অধিৱেশনত ভাগ লৈছিল এইজন মন্ত্ৰীয়ে। নিজৰ বক্তব্যত আৰম্ভণিৰ পৰা তেওঁ ভাৰতৰ বিৰুদ্ধে মিছা বদনাম ৰতি আছিল। নিজৰ বক্তব্যত তেওঁ কয় যে ভাৰতে এতিয়া জম্মু-কাশ্মীৰক বিশ্বৰ সৰ্ববৃহৎ কাৰাগাৰ হিচাপে গণ কৰিছে আৰু সেই ৰাজ্যৰ বাসিন্দাসকলক একপ্ৰকাৰ কাৰাৰুদ্ধ কৰি ৰাখিছে।

ৰাজ্যখনৰ পৰা সংবিধানৰ ৩৭০ অনুেচ্ছদ প্ৰত্যাহাৰ কৰাৰ লগতে মৌলিক অধিকাৰ হৰণ কৰিছে। বাসিন্দাসকলক গৃহবন্দী কৰি ৰাখিছে। সেয়েহে যিকোনো আন্তঃৰাষ্ট্ৰীয় মহলে যদিহে ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্য ভ্ৰমণ কৰে তেনেহ’লে এই কথা সত্য হিচাপে প্ৰতিপন্ন হ’ব। এনেকৈয়ে নিজৰ বক্তব্যত জম্মু-কাশ্মীৰক ভাৰতৰ ৰাজ্য হিচাপে ৰাষ্ট্ৰসংঘৰ মজিয়াত ঘোষণা কৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে। ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰক পাকিস্তানে নিজৰ বুলি দাবী কৰি আহিছিল আৰু ইয়াৰ ভূ-খণ্ড বিবদমান হিচাপে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here