Home মুখ্য পৃষ্ঠা কলকাতাত ক’লে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েঃ এনআৰচিত থাকিব সকলো ভাৰতীয়ৰ নাম

কলকাতাত ক’লে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েঃ এনআৰচিত থাকিব সকলো ভাৰতীয়ৰ নাম

50
0

কলকাতাঃ অসমৰ এনআৰচিক লৈ দেশৰ বিভিন্ন স্থানত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কলকাতাত কয় যে অসমৰ এনআৰচিত সকলো বৈধ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ’ব। ইয়াৰ বাবে কোনো ভাৰতীয়ই সংকিত হ’ব নালাগে। আনহাতে যদিহে অবৈধ লোকৰ নাম সন্নিৱিষ্ট হৈছে তেনেহ’লে আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক এনআৰচিৰ পৰা বাদ দিয়া হ’ব।

উল্লেখ্য যে যোৱা ৩১ আগষ্টত কেৱল অসমৰ বাবে নতুনকৈ প্ৰস্তুত কৰা এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। ইয়াৰ পিছতে বৈধ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত নোহোৱা বুলি বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে। ৰাজ্যৰ বাহিৰতো বিশেষকৈ পশ্চিমবংগত অসমৰ এনআৰচিক লৈ বিভিন্ন সময়ত সমালোচনা কৰা দেখা গৈছে। সেই সময়তে আজি কেন্দ্ৰীয় বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে প্ৰদান কৰা মন্তব্যই তাৎপৰ্য বহন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here