Home অসম বতাহ-বৰষুণকো আওকাণ কৰি কৰ্তব্য পালন মহিলা আৰক্ষীঃ ৰঞ্জিলা দেৱীক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ...

বতাহ-বৰষুণকো আওকাণ কৰি কৰ্তব্য পালন মহিলা আৰক্ষীঃ ৰঞ্জিলা দেৱীক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ সম্বৰ্ধনা

29
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, নগাঁওঃ তীব্ৰবেগী বতাহ আৰু ধাৰাসাৰ বৰষুণকো আওকাণ কৰি ৰাজপথত যান-বাহন নিয়ন্ত্ৰণৰ দ্বায়িত্ব পালন কৰি থকাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা নগাঁৱৰ এগৰাকী মহিলা আৰক্ষীক সম্বৰ্ধনা জনালে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে।

ধিং এ’প্ৰেছ হিচাপে খ্যাত দৌৰৰাণী হিমা দাসে টুইটাৰ যোগে প্ৰশংসা কৰা এইগৰাকী মহিলা আৰক্ষী ৰঞ্জিলা দেবীক কালি পুৱা নিজ কাৰ্যালয়ত আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে তেওঁৰ কৰ্তব্যনিষ্ঠাৰ বাবে শলাগ লোৱাৰ লগতে সম্বৰ্ধনা জনায়। নগাঁও জিলাৰ ৰহাৰ গান্ধীপুৰৰ ৰঞ্জিলা দেবীয়ে চলিত বছৰৰ জানুৱাৰী মাহত নগাঁও আৰক্ষীত যোগদান কৰাৰ পিছত যোৱা ২৪ আগষ্টত যান-বাহন শাখাত যোগদান কৰিছিল।

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা মহিলা আৰক্ষী ৰঞ্জিলা দেৱী যোৱা ৯ ছেপ্টেম্বৰৰ দুপৰীয়া নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত হিম্মৎসিংকা পেট্ৰ’ল ডিপো পইণ্টত যান-বাহন নিয়ন্ত্ৰণৰ দ্বায়িত্বত আছিল। সেই সময়তে আহে এজাক তীব্ৰবেগী বতাহ-বৰষুণ।

কিন্তু সেই বতাহ-বৰষুণকো আওকাণ কৰি মহিলা আৰক্ষীগৰাকীয়ে বৰষুণত তিতি-বুৰি যান-বাহন নিয়ন্ত্ৰণত লাগি থাকে। এই দৃশ্য কোনো পথচাৰীয়ে কেমেৰাত বন্দী কৰি পিছত চছিয়েল মিডিয়াত এৰি দিয়ে আৰু ইয়েই পিছলৈ ভাইৰেল হৈ পৰে। অসংখ্য লোকে এই দৃশ্য দেখি মহিলা আৰক্ষীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে।

ইফালে প্ৰৱল বৰষুণৰ মাজতো নিজৰ কৰ্তব্যৰ পৰা বিচলিত নোহোৱা নগাঁও আৰক্ষীৰ যান-বাহন শাখাৰ মহিলা জোৱান ৰঞ্জুলা দেৱীক নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে মহিলা আৰক্ষীৰ জোৱানগৰাকীক সম্বৰ্ধনা জনাই কয় যে আৰক্ষীৰ ভাল দিশসমূহে ছ’চিয়েল মিডিয়াত স্থান লাভ কৰাটো সমাজৰ বাবে এটা ইতিবাচক দিশ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here