Home অসম মাহমৰাৰ উমা গগৈ পৰিয়াল হত্যাকাণ্ডৰ ২০ বছৰঃ এসময়ত নিৰ্বাচনী ইচ্ছ্যু কৰা কংগ্ৰেছৰ...

মাহমৰাৰ উমা গগৈ পৰিয়াল হত্যাকাণ্ডৰ ২০ বছৰঃ এসময়ত নিৰ্বাচনী ইচ্ছ্যু কৰা কংগ্ৰেছৰ পিছত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ স্থিতি কি ?

37
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, মাহমৰাঃ ১৯৯৯ চনৰ ১২ ছেপ্টেম্বৰ। উজনি অসমৰ অবিভক্ত শিৱসাগৰ (বৰ্তমান চৰাইদেউ) জিলাৰ মাহমৰাবাসীৰ বাবে এটা অভিশপ্ত ক’লা দিন। তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন অসম গণ পৰিষদ চৰকাৰৰ দ্বিতীয় কালছোৱাত সমগ্ৰ অসম জুৰি সৃষ্টি হোৱা শিহৰণকাৰী গুপ্তহত্যাৰ ঘটনাই ৰাজ্যখনত ত্ৰাসৰ সৃষ্টি কৰিছিল।

গুপ্তঘাতকে ইতিমধ্যে বহু লোকৰ জীৱন স্তব্ধ কৰি তোলাৰ সমান্তৰালভাৱে সাংবাদিক পৰাগ কুমাৰ দাস, আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ ভাতৃ ডিম্ব ৰাজকোঁৱৰ, নামনি অসমৰ আলফাৰ প্ৰচাৰ সচিৱ মিথিংগা দৈমাৰীৰ পৰিয়ালক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ পিছত একে শাৰীতে সংযোজিত হৈছিল মাহমৰা দুই নং বৰবিল গাঁৱৰ কৃষক উমা গগৈৰ ছজনীয়া পৰিয়ালটো।

লিখি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা এক নাৰকীয় গুপ্তহত্যা কাণ্ড। কৃষক উমা গগৈৰ উপৰি পৰিয়ালৰ আন পাঁচজন সদস্য ক্ৰমে পত্নী বিহুতী গগৈ, একমাত্ৰ পুত্ৰ ধীৰাজ গগৈ আৰু তিনিগৰাকী কন্যাক প্ৰথমে গুলীয়াই থকা-সৰকা কৰি হত্যাৰ পিছত মৃতদেহ এখন বিছনাত জাপি দি আঁতৰি গৈছিল ঘাতকৰ দল। ঘাতকৰ দল আঁতৰি যোৱাৰ ঠিক আধা ঘণ্টাৰ পিছত প্ৰচণ্ড শব্দেৰে বিস্ফোৰিত বোমাৰ শব্দই কঁপাই গৈছিল মাহমৰা অঞ্চল আৰু ছিন্ন-ভিন্ন হৈ গৈছিল পৰিয়ালটোৰ তিনিটা নাৰী দেহ।

এনেদৰেই শেষ কৰি পেলোৱা হৈছিল এটা কৃষক পৰিয়াল। উল্লেখ্য যে ইয়াৰ এদিন পূৰ্বে মাহমৰা হিমপৰা অঞ্চলত আৰক্ষী প্ৰশাসনে হত্যা কৰা এজনৰ আলফা সদস্যৰ পৰা উদ্ধাৰ কৰিছিল এটা শক্তিশালী বোমা। যিটো বোমা উদ্ধাৰৰ পিছত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সাংবাদিকক প্ৰদৰ্শন কৰাৰ সময়তে বিস্ফোৰণ ঘটি সেই সময়ৰ জিলা আৰক্ষী অধীক্ষক পি কে লোহিয়া আৰু শিৱসাগৰ সদৰৰ দুগৰাকী সাংবাদিক জিতেন চুতীয়া আৰু আলফৰিদ আজাদ নিহত হৈছিল।

তাৰ পৰৱৰ্তী দিনাৰ পুৱতী নিশা মাহমৰাৰ কাকতিবাৰী থানাৰ এলেকাধীন ২ নং বৰবিল গাঁৱৰ কৃষক উমা গগৈৰ পৰিয়াল গুপ্তঘাতকৰ প্ৰতিশোধৰ বলি হৈছিল। বছৰৰ লেখেৰে ১৯৯৯ চনৰ ১২ ছেপ্টেম্বৰৰ পৰা ২০১৯ চনৰ ১২ ছেপ্টেম্বৰত বিশ বছৰ সম্পূৰ্ণ হ’ল। কিন্তু এই বিশ বছৰত কি হ’ল· সেই নাৰকীয় হত্যাকাণ্ডৰ হত্যাকাৰী চিনাক্ত নহ’ল, কাকতিবাৰী থানাত ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হ’ল আৰু ন্যায়াধীশৰ তদন্তৰ নিৰ্দেশ দিয়া হ’ল যদিও তদন্তৰ প্ৰতিবেদন বিগত বিশ বছৰে ৰাজহুৱা কৰা নহ’ল। যাৰ বাবে হত্যাকাৰী সময়ৰ ফাঁকেৰে নিৰ্বিঘ্নে সৰকি গ’ল।

স্থানীয় আৰক্ষীৰ ভূমিকা ঘটনাটো সংঘটিত হোৱা স্থানৰ পৰা কাকতিবাৰী থানাৰ দূৰত্ব প্ৰায় সাত কিলোমিটাৰ। কিন্তু সেইদিনা ঘটনাৰ খবৰ পোৱাৰ পিছতো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল পাঁচ ঘণ্টাৰ পিছত। আৰক্ষীয়ে তদন্তৰ নামত প্ৰাথমিক কামখিনিও কৰা নাছিল। উমা গগৈৰ সমগ্ৰ চৌহদত সিচৰতি হৈ থকা মাংসপিণ্ড গোটাই মৃতদেহৰ টোপোলা ঠেলাত তুলি স্থানীয় লোকক থানালৈ নিবলৈ বাধ্য কৰাইছিল সেইসময়ৰ দুৰ্মদ আৰক্ষীয়ে। ইমানেই দুঃসময় আছিল যে তেতিয়া ৰাইজে প্ৰতিবাদ কৰাৰো সাহস হেৰুৱাই পেলাইছিল। প্ৰত্যক্ষদৰ্শীয়ে আজিও পাহৰা নাই খাৰুৰে স’তে গছৰ ডালত ওলমি থকা হাতখনৰ লগতে গাহৰি, কুকুৰে মুখত ওলমাই দৌৰি ফুৰা নাড়ী-পেটু-ভূৰুৰ সেই দৃশ্য।

স্থানীয় জনপ্ৰতিনিধিৰ ভূমিকা তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালৰ সেই সময়ছোৱাত মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা পশুপালন মন্ত্ৰী হিচাপে দায়িত্বত আছিল হিৰণ্য কুমাৰ কোঁৱৰ। ঘটনাৰ দিনা সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী কোঁৱৰ আছিল দিছপুৰত আৰু ঘটনাটোৰ প্ৰায় এসপ্তাহৰ পিছতহে সমষ্টিলৈ আহিছিল। সেই সময়ত তেওক বহুকেইগৰাকী সতীৰ্থই লগে লগে সমষ্টিলৈ যাবলৈ পৰামৰ্শ দিছিল যদিও ঘটনাটোৰ বিষয়ে জনাৰ পিছত নিজ সমষ্টিলৈ অহাৰ পৰিৱৰ্তে মিখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওচৰলৈহে পুৱাই ঢাপলি মেলিছিল বুলি বিধায়কগৰাকীৰ একালৰ সতীৰ্থই পৰৱৰ্তী সময়ত জানিবলৈ দিয়ে।

ন্যায়াধীশ তদন্ত অসম গণ পৰিষদৰ দ্বিতীয়টো কাৰ্যকালত সংঘটিত গুপ্তহত্যা ঘটনাৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত বিভিন্নজন ন্যায়াধীশক লৈ তদন্ত আয়োগ গঠন কৰা হৈছিল। সেই অনুসৰি মাহমৰাৰ উক্ত হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ ন্যায়াধীশ খগেন্দ্ৰ নাথ শইকীয়াক লৈ এখন এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল। আয়োগে তদন্ত কৰি নিজৰ প্ৰতিবেদন দাখিল কৰিলে।

কিন্তু তদন্তৰ প্ৰতিবেদন আজি বিন বছৰে ৰাজহুৱা কৰা নহ’ল। চিনাক্ত নহ’ল মাহমৰা দুই নং বৰবিল গাঁৱৰ উমা গগৈ পৰিয়ালৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰকৃত হত্যাকাৰী। কংগ্ৰেছ চৰকাৰৰ নিকৃষ্ট ৰাজনীতি অসম গণ পৰিষদ চৰকাৰৰ দিনত সংঘটিত শিহৰণকাৰী গুপ্তহত্যাৰ ঘটনাক মূল ইচ্ছ্যু হিচাপে লৈ ২০০১ চনত দিছপুৰ দখল কৰা তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনে অৱধাৰীতভাৱে পোন্ধৰ বছৰীয়া তিনিটা কাৰ্যকালত গুপ্তহত্যাৰ লগত জড়িত হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰাটো তাৎপৰ্যপূৰ্ণ। দিছপুৰত চৰকাৰ সলনি হোৱাৰ সমান্তৰালকৈ মাহমৰা সমষ্টিতো বিধায়ক সলনি হ’ল। কিন্তু চৰিত্ৰ সলনি নহ’ল।

অগপৰ বিধায়ক হিৰণ্য কুমাৰ কোঁৱৰক পৰাস্ত কৰি কংগ্ৰেছ প্ৰাৰ্থী শৰৎ শইকীয়াই তিনিটা কাৰ্যকাল বিধায়ক হিচাপে দখলত থাকিল। কিন্তু প্ৰতিবাৰেই নিৰ্বাচনী ইচ্ছ্যু হিচাপে ঢাল কৰি লোৱা উমা গগৈ পৰিয়ালৰ হত্যাকাৰীক চিনাক্ত কৰাৰ ক্ষেত্ৰত কোনো উদ্যোগ গ্ৰহণ নকৰিলে সদ্যপ্ৰয়াত প্ৰাক্তন বিধায়কগৰাকীয়ে। এক নিকৃষ্ট ৰাজনীতিৰ গণ্ডীত আৱদ্ধ হৈ ৰ’ল উমা গগৈ পৰিয়ালৰ হত্যাকাণ্ডৰ ঘটনা।

অৰ্ধনিৰ্মিত স্মৃতি সৌধ গুপ্তঘাতকৰ বলি হোৱা উমা গগৈৰ ছজনীয়া পৰিয়ালৰ স্মৃতিত মাহমৰা সমষ্টিৰ বিধায়ক শৰৎ শইকীয়াই ২০০৬-০৭ বৰ্ষত দুই নং বৰবিলৰ উমা গগৈ পৰিয়ালৰ বাসগৃহৰ চৌহদত এটা হস্ত তাঁত বয়ন কেন্দ্ৰ নিৰ্মাণৰ বাবে পঞ্চাশ হাজাৰ টকা আৱণ্টন দিছিল। সেই অনুসৰি বিধায়কগৰাকীয়ে ২০১০ চনৰ ২২ নৱেম্বৰত বয়ন কেন্দ্ৰটো উদ্বোধন কৰিছিল। কিন্তু দুখৰ বিষয়, বয়ন কেন্দ্ৰটো আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল। জানিব পৰা মতে, কেন্দ্ৰটো নিৰ্মাণৰ বাবে প্ৰথম কিস্তি হিচাপে বিধায়কগৰাকীয়ে পঞ্চাশ হাজাৰ টকা আৱণ্টন দিছিল যদিও বাকী ধন মুকলি কৰি নিদিয়াত আজি পৰ্যন্ত অৰ্ধ নিৰ্মিত হৈয় ৰ’ল।

আনহাতে পৰিয়ালটোৰ নামত স্মৃতি সৌধ নিৰ্মাণৰ বাবে জাতীয়তাবাদী সংগঠনৰ দুজন সদস্যই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা কেইবা লাখ টকা সংগ্ৰহ কৰিছিল যদিও আজি বিশ বছৰে সম্পূৰ্ণ নকৰিলে স্মৃতিসৌধটো। জীৱিত কন্যাৰ ভাষ্য গুপ্তহত্যাৰ বলি হোৱা উমা গগৈৰ দুগৰাকী বিবাহিতা কন্যাৰ ভিতৰৰে এগৰাকী মণি গগৈয়ে সংবাদ মাধ্যমৰ আগত বিগত বিশ বছৰৰ বিভিন্ন সময়ত কংগ্ৰেছ চৰকাৰে পৰিয়ালটোক লৈ নিকৃষ্ট ৰাজনীতি কৰি অহাৰ কথা উষ্মাৰে প্ৰকাশ কৰি আহিছে। তদন্ত অয়োগৰ নিৰ্দেশমৰ্মে গুপ্তহত্যাৰ বলি হোৱা প্ৰতিটো পৰিয়ালৰ লগতে এই পৰিয়ালটোকো পাঁচ লাখ টকাৰ সাহায্য প্ৰদান কৰিলে যদিও পৰিয়ালটোৰ কোনো এজন সদস্যক এটা চৰকাৰী চাকৰি প্ৰদান নকৰিলে।

নিদিলে পিতৃ-মাতৃ আৰু সহোদৰসকলৰ হত্যাকাৰীক চিনাক্ত কৰি উপযুক্ত শাস্তি। কংগ্ৰেছ চৰকাৰৰ প্ৰতি এক প্ৰকাশ কৰিব নোৱাৰা ক্ষোভ থাকি গ’ল মণি গগৈৰ। মিত্ৰজোঁট চৰকাৰৰ স্থিতি গুপ্তহত্যাক মূল ইচ্ছ্যু হিচাপে লৈ পোন্ধৰ বছৰীয়া শাসনৰ গাদী দখল কৰা কংগ্ৰেছ দলক ওফৰাই পৰিৱৰ্তনৰ শ্ল’গান আওৰাই অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ গুপ্তহত্যাৰ প্ৰসংগত স্থিতি কি হ’ব ? পাৰিবনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুপ্তহত্যাৰ ন্যায়াধীশ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰি হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰিব· ইতিমধ্যে শাসনৰ আধা সময় পাৰ কৰা সোণোৱাল চৰকাৰে উদ্যোগ ল’বনে গুপ্তহত্যাকাণ্ডৰ প্ৰসংগক আওতালৈ আনি নাৰকীয় কাণ্ডৰ উচিত বিচাৰ কৰিব· এই কোটি টকীয়া প্ৰশ্ন আজিও প্ৰতিজন অসমবাসীৰ মন মগজুত এক প্ৰশ্নবোধক হৈ ওলমি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here