Home মুখ্য পৃষ্ঠা অহা বছৰ ছুপাৰ কম্পিউটাৰ মুকলি কৰিব চীনে

অহা বছৰ ছুপাৰ কম্পিউটাৰ মুকলি কৰিব চীনে

40
0

বেইজিংঃ বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত দোপত দোপে আগুৱাই যোৱা চীনে ২০২০ চনত মুকলি কৰিব বিশ্বৰ আটাইতকৈ দ্ৰুত বেগী ছুপাৰ কম্পিউটাৰ। যি কম্পিউটাৰ আমেৰিকাৰ ছুপাৰ কম্পিউটাৰ সমূহতকৈ বহু গুণে বেছি দ্ৰুত হ’ব বুলি বেইজিঙৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য দেশখনৰ বিজ্ঞানীসকলে শেহতীয়াকৈ নিৰ্মাণ কৰিব উলিয়াইছে এটা বিশেষ ছুপাৰ কম্পিউটাৰ। এই ছুপাৰ কম্পিউটাৰটোৱে অতি কম সময়ৰ ভিতৰতে বহু গণনা কৰিব উলিয়াব পাৰিব। চীনৰ কেবাটাও বিজ্ঞান প্ৰতিষ্ঠানে নিৰ্মাণ কৰি উলিওৱা এই ছুপাৰ কম্পিউটাৰটোৰ গতিবেগ ১২৫.৪ পেটাফ্লপ।

এনে ধৰণৰ দ্ৰুতবেগী ছুপাৰ কম্পিউটাৰ বিশ্বৰ আন কোনো দেশত নাই বুলি চীনৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে চীনে সাজি উলিওৱা এই ছুপাৰ কম্পিউটাৰটো আমেৰিকাত থকা ছুপাৰ কম্পিউটাৰসমূহত কৈ ৬০ শতাংশ অধিক দ্ৰুতবেগী। এই ছুপাৰ কম্পিউটাৰে সাধাৰণ ছুপাৰ কম্পিউটাৰতকৈ পাঁচ গুণ বেছি দ্ৰুতভাৱে হিচাপ নিকাচ সম্পন্ন কৰিব পাৰিব বুলি মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে।

তেওঁ কয় যে এতিয়াও এই ছুপাৰ কম্পিউটাৰবিধ ব্যৱহাৰৰ বাবে মুকলি কৰা হোৱা নাই। ২০২০ চনত এই ছুপাৰ কম্পিউটাৰবিধ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব বুলি চীনৰ মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। ছুপাৰ কম্পিউটাৰ বিধৰ শক্তি হৈছে ২ লাখ ট্ৰিলিয়ং। এই ছুপাৰ কম্পিউটাৰ মুকলি হোৱাৰ পিছত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত চীন বহু আগুৱাই যাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here