Home Breaking পুনৰ ফিলিপাইনছত কাৰাবন্দীৰ পলায়ন

পুনৰ ফিলিপাইনছত কাৰাবন্দীৰ পলায়ন

32
0

মাৰাৱীঃ ফিলিপাইনছত তাণ্ডব চলাই থকা ইছলামিক সন্ত্ৰাসবাদীয়ে আজি দেশখনৰ মাৰাৱী চহৰৰ কেন্দ্ৰীয় কাৰাগাৰত এক ভয়াৱহ আক্ৰমণ চলাই ৭জন সতীৰ্থ কাৰাবন্দীক মোকলাই নিয়ে। কালি দুপৰীয়াৰ ভাগত সংঘটিত উক্ত ভয়াৱহ আক্ৰমণৰ ঘটনাত কাৰাগাৰখনৰ নিৰাপত্তাৰ দায়িত্বত থকা চাৰিজন আৰক্ষীৰ লোক নিহত হয়।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, সন্ত্ৰাসবাদীৰ পঞ্চাশজনীয়া দল এটাই কাৰাগাৰখন চৌদিশৰ পৰা ঘেৰি ধৰে আৰু কাৰাগাৰৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ লোকক হত্যা কৰি নিৰ্বিবাদে কাৰাগাৰৰ ভিতৰলৈ সোমাই যায়। সন্ত্ৰাসবাদীক কাৰাগাৰৰ নিৰাপত্তাৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে সন্ত্ৰাসবাদীয়ে মৰ্টাৰ আৰু গুলীৰে ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰে।

প্ৰায় এঘণ্টা ধৰি আক্ৰমণ চলোৱাৰ অন্তত ৭জন সতীৰ্থ কাৰাবন্দীক মোকলাই নিবলৈ সক্ষম হয়। উল্লেখ্য ফিলিপাইনছৰ উক্ত কাৰাগাৰখনত প্ৰায় ডেৰ হাজাৰ কাৰাবন্দী আছে আৰু তেওঁলোকৰ ভিতৰৰে অধিকাংশই সন্ত্ৰাসবাদী। ইয়াৰ পূৰ্বেও ২০১১ চনত সন্ত্ৰাসবাদীয়ে এখন কাৰাগাৰত আক্ৰমণ চলাই ৯৮জন তালিবান সন্ত্ৰাসবাদীক মোকলাই নিছিল। আজি কাৰাগাৰৰ পৰা পলায়ন কৰা সন্ত্ৰাসবাদীসকলৰ সন্ধানত আফগান সেনাই অভিযান আৰম্ভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here