Home Breaking ৫.২ প্ৰাৱল্যৰ ভূমিকম্প

৫.২ প্ৰাৱল্যৰ ভূমিকম্প

34
0

টকিঅ’: অগ্নিবলয়ত অৱস্থিত দেশ জাপানক কালি এক ভূমিকম্পই জোকাৰি যায়। ৰিখ্টাৰ স্কেলত ৫.২ প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত অৱশ্যে কোনো ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই।

দেশখনৰ পূব অংশত অৱস্থিত ইবাৰাকি দ্বীপত ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। ভূমিকম্পটোৰ পিছত সাগৰৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকসকল চুনামিৰ আশংকাত ভোগা পৰিলক্ষিত হয়।

অৱশ্যে জাপান চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে চুনামিৰ কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাই। জাপানত প্ৰায়ে এনেধৰণৰ সৰু-বৰ ভূমিকম্প সংঘটিত হৈ আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here