Home অসম গুজৰাটত ৯০% জৰিমনা হ্ৰাস, পশ্চিমবংগৰ বিৰোধিতাঃ নতুন যানবাহন আইনক লৈ বিবুদ্ধিত অসম...

গুজৰাটত ৯০% জৰিমনা হ্ৰাস, পশ্চিমবংগৰ বিৰোধিতাঃ নতুন যানবাহন আইনক লৈ বিবুদ্ধিত অসম চৰকাৰ

73
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ সম্পূৰ্ণ এপষেক পাৰ হ’ল নতুন যানবাহন আইন বলবৎ কৰাৰ। এই আইন অনুসৰি যানবাহনৰ চালনা তথা অ্যানান্য ক্ষেত্ৰত নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব। ইয়াৰ বাবে পূৰ্বতকৈ বহু পৰিমাণে জৰিমনা বৃদ্ধি কৰা হৈছে। এই আইন বলবৎ হোৱাৰ পিছৰে পৰা দিল্লী, উত্তৰ প্ৰদেশ, উৰিষ্যা আদি ৰাজ্যসমূহত যানবাহন চলাওতে নিয়ম ভংগকাৰীয়ে অভিলেখ সংখ্যক জৰিমনা আদায় দিয়াৰ বাতৰি আহিছে। উৰিষ্যাত নাগালেণ্ডৰ পৰা যোৱা সামগ্ৰী পৰিবহনকাৰী এখন ট্ৰাকে ৬.৫৩ লাখ টকাৰ জৰিমনা আদায় দিব লগা  হৈছে।

দিল্লীত এজন স্কুটাৰ আৰোহীয়ে ২৫ হাজাৰ টকালৈকে জৰিমনা আদায় দিছে। ইয়াৰ বিপৰীতে অসমত নতুন যানবাহন আইন বলবৎ কৰিবলৈ গৈ থমকি ৰৈছে পৰিবহন বিভাগ। প্ৰতিবাদৰ বাবেই গুজৰাট চৰকাৰে নতুন যানবাহন আইনৰ জৰিমনাৰ পৰিমাণ ৯০ণলৈ হ্ৰাস কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নতুন যানবাহন আইন তেওঁৰ চৰকাৰে বলবৎ নকৰে বুলি ঘোষণা কৰিছে। উল্লেখ্য যে এই আইন অনুসৰি সুৰা সেৱন কৰি গাড়ী চলালে পূৰ্বে এহেজাৰ টকা জৰিমনা আদায় দিব লাগিছিল।

বৰ্তমান আদায় দিব লাগিব দহহাজাৰ টকা। হেলমট অবিহনে দুচকীয়া বাহন চলালে পূৰ্বে তিনিশ টকাৰ জৰিমনাৰ বিপৰীতে বৰ্তমান এহেজাৰ টকা জৰিমনা আদায় দিয়াৰ লগতে তিনিমাহলৈ অনুজ্ঞাপত্ৰ বাতিল কৰিব। অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলালে পূৰ্বৰ পাঁচশ টকাৰ বিপৰীতে বৰ্তমান পাঁচ হাজাৰ টকাৰ জৰিমনা দিব লাগিব। অৰ্হতা অবিহনে গাড়ী চলালে পূৰ্বে পাঁচশ টকাৰ জৰিমনাৰ বিপৰীতে বৰ্তমান আদায় দিব লাগিব পাঁচ হাজাৰ টকা। চিট বেল্ট অবিহনে গাড়ী চলালে পূৰ্বে তিনিশ টকা আছিল আৰু বৰ্তমান দিব লাগিব এহেজাৰ টকা জৰিমান।

তীব্ৰ গতিত গাড়ী চলালে দুহেজাৰ টকা, দুচকীয়া বাহনত বেছি আৰোহী বহিলে এহেজাৰ টকা, বিপজ্জনকভাৱে গাড়ী চলালে পাঁচ হাজাৰ টকা, অতিৰিক্ত বোজা কঢ়িয়ালে ২০ হাজাৰ টকা, বীমা নোহোৱাকৈ গাড়ী চলালে দুহেজাৰ টকা, মোবাইল ফোন ব্যৱহাৰ কৰিছে পাঁচ হাজাৰ টকা, জৰুৰীকালীন সেৱাৰ বাহনৰ বাট এৰি নিদিলে ১০ হাজাৰ টকাৰ জৰিমান আদায় দিব লাগিব।

কম বয়সত বা নাবালিকাৰ দ্বাৰা গাড়ী চলালে জৰিমনা হিচাপে ২৫ হাজাৰ টকাৰ লগতে অভিভাৱকক তিনি বছৰৰ কাৰাবাস, ২৫ বছৰ বয়সলৈকে অনুজ্ঞাপত্ৰ নাপাব আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰিব। এনেকৈয়ে উচ্চ নিৰিখৰ জৰিমনা ধাৰ্য কৰাৰ পিছত এতিয়া ৰাজ্যৰ পৰিবহন বিভাগে বিভিন্ন জিলাত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও কেন্দ্ৰই নিৰ্ধাৰণ কৰা ধৰণে জৰিমনা আদায় কৰাৰ ক্ষেত্ৰত আগুৱাব পৰা নাই বিভাগটো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here