Home Breaking গ্ৰীচৰ এথেন্সত বনজুই

গ্ৰীচৰ এথেন্সত বনজুই

59
0

এথেন্সঃ গ্ৰীচৰ এথেন্সত বনজুয়ে এতিয়া সংহাৰৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। চহৰখনত দাঁতিকাষৰীয়া অৰণ্যত সৃষ্টি হোৱা বনজুইৰ ফলত হেজাৰ হেজাৰ জোপা গছ মৰি গৈছে। কেৱল সেয়াই নহয়, বনজুয়ে ইতিমধ্যে কেইবাশ হেক্টৰ কৃষি ভূমি গ্ৰাস কৰিছে।

শেহতীয়াকৈ আজি পুৱাৰে পৰা বনজুয়ে ক্ৰমাৎ এথেন্স নগৰ অভিমুখে ধাৱমান হোৱাত বহু লোকে পলায়ন কৰিবলৈ বাধ্য হৈছে। এথেন্স প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে বনজুইৰ ফলত ১৩ জন লোকৰ মৃত্যু ঘটিছে।

একেদৰে প্ৰায় ৭০০ টা বাসগৃহ বনজুয়ে গ্ৰাস কৰিছে। শেহতীয়াকৈ বনজুয়ে জনবসতিপূৰ্ণ অঞ্চললৈ ঢাপলি মেলাত শ শ লোকে পলায়ন কৰিবলৈ বাধ্য হৈছে বুলি চৰকাৰী মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। প্ৰতিবছৰে এনেদৰে বনজুয়ে এথেন্সত সংহাৰৰ সৃষ্টি কৰে। বনজুইৰ সমান্তৰালভাৱে এথেন্সত এতিয়া তীব্ৰ গ্ৰীষ্ম প্ৰৱাহেও জনজীৱন স্তব্ধ কৰি তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here