Home মুখ্য পৃষ্ঠা যুদ্ধবিধ্বস্ত অঞ্চলত সহস্ৰাধিক ঘৰ নিৰ্মাণ

যুদ্ধবিধ্বস্ত অঞ্চলত সহস্ৰাধিক ঘৰ নিৰ্মাণ

30
0

গাজাঃ যুদ্ধবিধ্বস্ত অঞ্চলত সহস্ৰাধিক ঘৰ নিৰ্মাণ কৰিব ইজৰাইলে। ইজৰাইল-পেলেষ্টাইনৰ দীৰ্ঘদিনীয়া ৰক্তক্ষয়ী যুদ্ধখনে ৱেষ্ট বেংকক একপ্ৰকাৰ নিৰ্জন অঞ্চললৈ পৰিণত কৰাৰ বহু বছৰৰ পিছত অঞ্চলটোত পুনৰ মানুহে বসতি স্থাপন কৰাৰ দিহা কৰা হৈছে। অনৱৰতে মৰ্টাৰ ৰকেটৰ আঘাতৰ সন্মুখীন হোৱা ৱেষ্ট বেংকৰ বিধ্বস্ত অট্টালিকাসমূহ পুনৰ সাজি উলিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ইজৰাইল চৰকাৰে।

শেহতীয়াকৈ পেলেষ্টাইনত ঐক্য চৰকাৰ গঠন হোৱাৰ পিছতেই ইজৰাইলে মৃত্যু উপত্যকাত পৰিণত হোৱা ৱেষ্ট বেংকলৈ পুনৰ প্ৰাণ ঘূৰাই অনাৰ চেষ্টা কৰিছে। উক্ত চেষ্টাৰ অংশ বিশেষ হিচাপে ইজৰাইল চৰকাৰে যুদ্ধবিধ্বস্ত ৱেষ্ট বেংকত প্ৰথম অৱস্থাত ১৫০০টা বাসগৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পেলেষ্টাইনৰ ঐক্য চৰকাৰৰ এগৰাকী মন্ত্ৰী য়ুৰি এৰিয়েলে প্ৰকাশ কৰা মতে ৱেষ্ট বেংকৰ ইফৰাটত ২২৩টা, বেইটাৰত ৪৪৮টা, গেভাবিনিয়ামিত ৩৮টা, এৰিয়েলত ৭৬টা, আলফ্ৰে মেনাচেত ৭৮টা, গিভাটত ১৫৫টা, আগান হায়োলতত ৪০০টা নতুন বাসগৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইজৰাইল চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি পেলেষ্টাইনেও পূৰ্ণ সমৰ্থন আগবঢ়াইছে। উল্লেখ্য, ইজৰাইল-পেলেষ্টাইনৰ মাজত দশকৰ পিছত দশক ধৰি চলা যুদ্ধৰ পৰিণতিত গাজা আৰু ৱেষ্ট বেংকত কেইবাসহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছিল। একপ্ৰকাৰ মৃত্যু উপত্যকাত পৰিণত হোৱা ৱেষ্ট বেংকত মৰ্টাৰ আৰু ৰকেট আক্ৰমণৰ ঘটনা নিত্যনৈমিত্তিক ঘটনা হৈ পৰিছিল। সেইবাবে ৱেষ্ট বেংকৰ বাসিন্দাসকলে প্ৰাণৰ মমতাত অঞ্চলটো ত্যাগ কৰি আন নিৰাপদ স্থানলৈ গতি কৰিছিল। ইজৰাইল আৰু পেলেষ্টাইনৰ এনে সংঘাতৰ মাজতে কিছুদিনপূৰ্বে আমেৰিকাই জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here