Home মুখ্য পৃষ্ঠা অশান্ত কাশ্মীৰৰ ছপিয়ানত সেনাই নিধন কৰিলে দুজন পাক সন্ত্ৰাসবাদীক

অশান্ত কাশ্মীৰৰ ছপিয়ানত সেনাই নিধন কৰিলে দুজন পাক সন্ত্ৰাসবাদীক

62
0

শ্ৰীনগৰঃ কাশ্মীৰৰ ছপিয়ানৰ কুন্দালান নামৰ অঞ্চলটোত সেনাৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষত এতিয়ালৈকে দুজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে। সংঘৰ্ষত আন এজন ভাৰতীয় সেনাৰ জোৱান গুৰুতৰভাৱে আহত হয়। সেনাৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা সূত্ৰই অনুসৰি কুন্দালান অঞ্চলৰ এটা ঘৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ এটা দলে আশ্ৰয় গ্ৰহণ কৰাৰ খবৰ পোৱাৰ পাছতেই সেনাৰ বৃহৎ দল এটাই উক্ত স্থানত উপস্থিত হৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

সেনাৰ দলটোৰ উপস্থিতিৰ উমান পোৱাৰ পাছতে সন্ত্ৰাসবাদীৰ দলটোৱে সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিবলৈ ধৰে। ফলত সেনাই গুলীবৰ্ষণ কৰাত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ সৃষ্টি হয়। এই গুলীয়াগুলীৰ ঘটনাত লগে লগে দুজন পাকিস্তানী সন্ত্ৰাসবাদীৰ মৃত্যু ঘটে। বাতৰি যুগুত কৰা পৰলৈকে সেনাৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত আছে।

উল্লেখ্য কিছুদিন পূৰ্বে ছপিয়ান অঞ্চলত পাক সন্ত্ৰাসবাদীৰ গুলীত এজন বি এছ এফৰ জোৱান নিহত হৈছিল। এই ঘটনাৰ পাছতেই সমগ্ৰ ছপিয়ান অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হয়। হিজবুল মুজাহিদীনৰ কামাণ্ডাৰ বাঢ়ানৱালিৰ মৃত্যু বাৰ্ষিকীৰ সময়তে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে কাশ্মীৰ উপত্যকাত আক্ৰমণৰ ঘটনা অধিক হাৰত বৃদ্ধি কৰিছে। কালিও অঞ্চলটোত দুজন সন্ত্ৰাসবাদীক সেনাই গুলীয়াই হত্যা কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here