Home মুখ্য পৃষ্ঠা দ্বীপৰাষ্ট্ৰত ধুমুহা

দ্বীপৰাষ্ট্ৰত ধুমুহা

54
0

কলম্বোঃ প্ৰাকৃতিক বিপৰ্যয়ে লগ এৰা নাই দ্বীপৰাষ্ট্ৰক। দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাৰ ৰাজধানী চহৰ কলম্বোক আজি জোকাৰি গ’ল এজাক বিধ্বংসী সাগৰীয় ধুমুহাই। আজি পুৱা ৮.১৫ বজাত সংঘটিত বিধ্বংসী ধুমুহা জাকৰ ফলত কলম্বো চহৰৰ বিজুলী পৰিবাহী খুঁটা আদি লগতে টেলিফোনৰ তাঁৰ আদি ছিগি পৰে। সেই বাবেই সমগ্ৰ চহৰখন এতিয়া আন্ধাৰত বুৰ গৈছে। কলম্বো চহৰত তিনিজন লোকৰ মৃত্যু ঘটা বুলি নিশ্চিত কৰা হৈছে। উল্লেখ্য বিগত বৰ্ষতো সাগৰীয় ধুমুহাই কলম্বো চহৰত ত্ৰাসৰ সৃষ্টি কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here