Home মুখ্য পৃষ্ঠা ধেমাজি জিলাৰ নিৰ্বাচনী বিষয়া ধনশিৰি মহকুমাৰ গৌৰৱ  ৰামানুজ হাজৰিকাৰ  পদত্যাগ 

ধেমাজি জিলাৰ নিৰ্বাচনী বিষয়া ধনশিৰি মহকুমাৰ গৌৰৱ  ৰামানুজ হাজৰিকাৰ  পদত্যাগ 

116
0
????????????????????????????????????

ধেমাজি জিলাৰ নিৰ্বাচনী বিষয়া ধনশিৰি মহকুমাৰ গৌৰৱ  ৰামানুজ হাজৰিকাৰ  পদত্যাগ 

দৈনন্দিন বাৰ্তাLIVE@ধনশিৰি:- ২৩ নবেম্বৰ – ৰাকেশ পালৰ এ পি এচ চি বজাৰত বক্ৰপথেৰে চাকৰি লোৱা বহুতো এচিএচ বিষয়াই বৰ্তমান জেলৰ ভাত খাই অছে আৰু বহুতো বিষয়াই পলাই ফূৰিছে লগতে বহুতো বিষয়াক চাকৰিৰ পৰা  নিলম্বন কৰিছে আৰু এতিয়াও বহুতো ৰৌ -বৰালি জালত পৰিবলৈ বাকী আছে ৷কিন্তু বৰ্তমান ধেমাজি জিলাৰ নিৰ্বাচনী বিষয়া এ চি এচ ৰামানুজ হাজৰিকাই যোৱা ২৩ নবেম্বৰ দিনা চাকৰিৰ পৰা পদত্যাগ কৰা ঘটনাই সমগ্ৰ অসমবাসীক আচৰিত কৰি তুলিছে কিয়নো বৰ্তমান এ পি এচ চিত টকা দি চাকৰি লোৱাসকলক আটক কৰি দিয়া হৈছে ৷ৰামানুজ হাজৰিকাই বক্ৰপথেৰে চাকৰি লৈছিল বুলি একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যদিও ৰামানুজ হাজৰিকাই একেষাৰে নস্যাৎ কৰিছে ৷তেওঁ ব্যক্তিগতভাবে জনায় যে বৰ্তমান এ পিএচ চিয়ে সমগ্ৰ অসমখনকে লজ্জাগত কৰিছে তাৰ সংস্কাৰ হোৱাটো তেওঁ মনে প্ৰাণে বিচাৰে তেতিয়া হে অসমখনৰ উন্নতি হব বুলি কয় ৷ তিনি বছৰ বয়সতে পিতৃক হেৰুৱা  ৰামানুজ হাজৰিকাই অতি কষ্টৰে এ চি এচ বিষয়া হৈছিল ৷যদি তেওঁ বক্ৰপথেৰে চাকৰি লৈছে তেতিয়া অনুসন্ধান কৰক যদি সত্য প্ৰমাণিত হয় তেতিয়া জেলৰ ভাত খাবলৈ সাজু আছে কিন্তু উৰা বাতৰিত গুৰুত্ব নিদিবলৈ আহ্বান জনায় হাজৰিকাই এই বুলিওঁ জনায় যে তেখেতৰ মাতৃ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী আৰু এই ক্ষেত্ৰত তেখেতৰ মাতৃয়ে কয় যে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰীয়ে লাখ -লাখ টকা দি নিজ পুত্ৰক চাকৰি দিব নোৱাৰে আৰু তেখেতৰ পুত্ৰ অতি মেধাবী আৰু মেধাৰ ভিক্তিত চাৰকি পাইছে বুলি জনায় ৷ৰামানুজ হাজৰিকাই এই বুলিও জনায় যে তেখেতে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰিব বিচাৰে বুলি জনায় আৰু শেষত এই বুলিও জনায় যে বৰ্তমান এ পিএচ চিয়ে তেওঁলোকৰ দৰে ব্যক্তিক লজ্জাগত কৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here