Home মুখ্য পৃষ্ঠা বিশ্বৰ প্ৰাচীনতম নামৰ সন্ধান পাইছে ভাষা বিজ্ঞানীয়ে

বিশ্বৰ প্ৰাচীনতম নামৰ সন্ধান পাইছে ভাষা বিজ্ঞানীয়ে

52
0

কাইৰোঃ বিশ্বত ব্যৱহাৰ হৈ থকা প্ৰাচীনতম নামৰ সন্ধান পাইছে ভাষা বিজ্ঞানীসকলে। ইজিপ্টত আনুমানিক ৩০৫০ খ্ৰীষ্টপূৰ্বৰ পৰা অবিকৃতভাৱে চলি অহা এটা নাম হ’ল ‘চেভেন’। এইটোৱেই পৃথিৱীৰ প্ৰাচীনতম নাম। জন্মৰ প্ৰমাণ-পত্ৰ (Birth Certificate) ত লিপিবদ্ধ হোৱা সবাতোকৈ দীৰ্ঘতম নামটো হ’ল– Roshandiatelly neshiaumnevesh esko yaanfsqu apsicety Williams এই আশ্চৰ্যজনক নামৰ অধিকাৰী গৰাকীৰ জন্ম হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছ প্ৰদেশৰ ৰিমণ্টত ১৯৮৪ চনৰ ১২ ছেপ্টেম্বৰত। নিউজীলেণ্ডৰ এক’লেণ্ড প্ৰদেশৰ বাসিন্দা লৰেন্স ৱাটকিন্স ২৩১০টা খ্ৰীষ্টান নামৰ অধিকাৰী।

ইংলেণ্ডত এই ৰেকৰ্ডৰ অধিকাৰী হ’ল ট্ৰেচি নামৰ ছোৱালীজনী। ট্ৰেচিৰ ১৪০টা খ্ৰীষ্টান নাম আছে। ক্ষুদ্ৰতম উপাধি ‘o’ সৰ্বাধিক আছে কোৰিয়াত, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেলিফোন ডাইৰেক্টৰীত ‘o’ উপাধিধাৰী ৫২ জনৰ নাম পোৱা গৈছে। বেলজিয়ামত এই উপাধিধাৰী ১২জন আছে। চীন দেশত ‘জ্যাং’ উপাধিধাৰী ১১ কোটি মানুহ আছে। ‘জ্যাং’ উপাধিটো চীনদেশৰ সকলোতকৈ জনপ্ৰিয় উপাধি।

ইংৰাজসকলৰ সকলোতকৈ জনপ্ৰিয় উপাধি হৈছে ‘স্মিথ’। গ্ৰেট ব্ৰিটেইনত ৬৫,৯০০ জন ‘স্মিথ’ উপাধিধাৰীৰ সন্ধান পোৱা গৈছে। আনুমানিক হিচাপত ইয়াত ৮ লাখৰো অধিক ‘স্মিথ’ উপাধিধাৰী লোকে বসবাস কৰি আছে। ব্ৰিটেইনৰ প্ৰায় ২৬ লাখ মানুহ ‘জ্যাক’ উপাধিধাৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here