Home মুখ্য পৃষ্ঠা অত্যাধুনিক ৰাইফল নিৰ্মাণ কৰি উলিয়াইছে চীনৰ বিজ্ঞানীয়ে

অত্যাধুনিক ৰাইফল নিৰ্মাণ কৰি উলিয়াইছে চীনৰ বিজ্ঞানীয়ে

47
0

নতুন দিল্লীঃ বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ দিশত ঢাপত ঢাপে আগবাঢ়ি যোৱা চীনে এতিয়া ভাৰতৰ নিৰাপত্তাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ভাৰতৰ নিৰাপত্তাৰ দিশটোলৈ ভাবুকিৰ সৃষ্টি কৰি চীনে আজি প্ৰথমবাৰৰ বাবে এক বিশেষ ধৰণৰ অত্যাধুনিক বন্দুক পৰীক্ষা কৰিছে। তিব্বতৰ পৰা প্ৰকাশিত ছাউথ চাইনা মৰ্নিং পোষ্ট নামৰ কাকতখনত প্ৰকাশ পোৱা বাতৰি অনুসৰি চীনে সাজি উলিওৱা জেড কে জেড এম ৫০০ নামৰ এই বন্দুকবিধ ষ্টাৰ ৱাৰ ছবিসমূহত দেখিবলৈ পোৱা যায়।

চীনে ষ্টাৰ ৱাৰ ছবিত দেখিবলৈ পোৱা এনেধৰণৰ বন্দুকে সাজি উলিয়াইছে। কাকতখনত প্ৰকাশ পোৱা অনুসৰি এই বন্দুকবিধ দেখিবলৈ এ কে ৪৭ ৰাইফলৰ দৰে যদিও বন্দুকবিধ পিছে এ কে ৪৭ তকৈ অতি বেছি বিধবংসী। এই বন্দুকবিধেৰে প্ৰায় ১ কিলোমিটাৰ দূৰৈৰ পৰাও শত্ৰুপক্ষক লক্ষ্য কৰি ব্যৱহাৰ কৰিব পৰা যাব। পৃথিৱীত কেৱল চীনৰ হাততেই ১ কিলোমিটাৰ দূৰৈৰ পৰা গুলীয়াব পৰা বন্দুক আছে। তাৎপৰ্যপূৰ্ণ কথা হ’ল যে প্ৰতি দুই ছেকেণ্ডৰ পৰা এই বন্দুকৰ পৰা এহেজাৰটা গুলী নিৰ্গত হ’ব।

এনে বন্দুকৰ দাম প্ৰায় ১৫ হেজাৰ মাৰ্কিন ডলাৰ হ’ব বুলি বাতৰিত প্ৰকাশ পাইছে। চীনৰ প্ৰতিৰক্ষা বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত এনে ধৰণৰ অতি বিধবংসী বন্দুক সাজি উলিয়াবলৈ সক্ষম হৈছে। চীনৰ এনে বন্দুকে এতিয়া ভাৰতৰ বাবে বিপদ মাতি আনিব বুলি বহুতে আশংকা ব্যক্ত কৰিছে। উল্লেখ্য কিছুদিন পূৰ্বে চীনে শব্দতকৈও বেগী অথচ কোনো ধৰণৰ শব্দ নকৰা যুদ্ধ বিমান সাজি উলিয়াবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ সাজি উলিওৱা এই অত্যাধুনিক বন্দুকবিধ ব্যৱহাৰ কৰি চীনে সীমান্তত পহৰাৰত ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ আশংকাই দেখা দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here