Home মুখ্য পৃষ্ঠা কাশ্মীৰৰ বিপৰীত ছবি এখন বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিছে পাকিস্তানে

কাশ্মীৰৰ বিপৰীত ছবি এখন বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিছে পাকিস্তানে

56
0

নতুন দিল্লীঃ কিছুদিন পূৰ্বে আমেৰিকাই পাকিস্তানক সন্ত্ৰাসবাদীৰ ঘাটি বুলি উল্লেখ কৰাৰ পিছত পুনৰ ভাৰতেও ৰাষ্ট্ৰসংঘত একে কথাই উল্লেখ কৰিলে। ৰাষ্ট্ৰসংঘত থকা ভাৰতীয় প্ৰতিনিধি সন্দীপ কুমাৰ বায়াপ্পুৱে কয় যে পাকিস্তান এখন সন্ত্ৰাসবাদী ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰখনে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি অহাৰ বাবেই এতিয়া দেশখনৰ কাষৰীয়া দেশসমূহ শান্তিত থাকিব পৰা নাই।

পাকিস্তানে চৰকাৰী উদ্যোগতেই সন্ত্ৰাসবাদী সংগঠনৰ জন্ম দিয়া বুলি মন্তব্য কৰি বায়াপ্পুৱে কয় যে ভাৰতত অনবৰতে অশান্তিৰ সৃষ্টি কৰিবলৈ পাকিস্তানে প্ৰচেষ্টা চলাই গৈছে। এইক্ষেত্ৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই, দেশখনৰ সেনা আৰু সন্ত্ৰাসবাদীয়ে সমানে অপচেষ্টা চলাই যোৱা বুলি ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে ৰাষ্ট্ৰসংঘত মন্তব্য কৰে।

তেওঁ লগতে কয় যে কাশ্মীৰ সন্দৰ্ভত পাকিস্তানে বিশ্বৰ সন্মুখত এখন বিপৰীত ছবিহে দাঙি ধৰি আহিছে। কাশ্মীৰত ভাৰতীয় সেনাই ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন কৰা বুলি পাকিস্তানে যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ কোনো ভিত্তি নাই বুলি প্ৰতিনিধিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতক বিশ্বৰ সন্মুখত হেয় প্ৰতিপন্ন কৰিবলৈ পাকিস্তানে এনেদৰে কাশ্মীৰৰ এখন বিপৰীত ছবি দাঙি ধৰিছে।

কাশ্মীৰত কোনো ধৰণৰ মানৱ অধিকাৰ উলংঘন হোৱা নাই বুলি স্পষ্ট কৰি ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘক নিজাববীয়াকৈ তদন্ত চলোৱাৰো আহ্বান জনায়। তেওঁ কয় যে ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ কাশ্মীৰ সন্দৰ্ভত যি প্ৰতিবেদন আগবঢ়াইছে সেই প্ৰতিবেদন সম্পূৰ্ণ ভুল তথ্যৰ ওপৰত প্ৰতিষ্ঠিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here