Home মুখ্য পৃষ্ঠা পকিস্তানক মুকলি সমৰ্থন এন চি পিৰ মুৰববী শাৰদ পাৱাৰৰ

পকিস্তানক মুকলি সমৰ্থন এন চি পিৰ মুৰববী শাৰদ পাৱাৰৰ

40
0

নতুন দিল্লীঃ কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুেচ্ছদ বিলোপ কৰাক লৈ ভাৰতৰ সৈতে পাকিস্তানৰ সংঘাত চলি থকাৰ সময়তে এন চি পিৰ মুৰববী শাৰদ পাৱাৰ পাকিস্তানৰ প্ৰশংসাত গদ গদ হৈ পৰাৰ কথাই এতিয়া বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মুম্বাইত থকা এন চি পিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলটোৰ সংখ্যালঘু কোষৰ বৈঠকত অংশগ্ৰহণ কৰি শাৰদ পাৱাৰে কয় যে বিজেপি চৰকাৰে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখিয়েই আন্তঃৰাষ্ট্ৰীয় মহলত পাকিস্তানৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই গৈছে।

কাশ্মীৰৰ পৰা চৰকাৰে ৩৭০ অনুেচ্ছদ বিলোপ কৰাৰো তেওঁ বিৰোধিতা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here