Home মুখ্য পৃষ্ঠা সুব্ৰমনিয়াম স্বামীয়ে ক’লেঃ নৱেম্বৰত আৰম্ভ ৰাম মন্দিৰ নিৰ্মাণ

সুব্ৰমনিয়াম স্বামীয়ে ক’লেঃ নৱেম্বৰত আৰম্ভ ৰাম মন্দিৰ নিৰ্মাণ

43
0

নতুন দিল্লীঃ অযোধ্যাত অহা নৱেম্বৰত ৰাম মন্দিৰ নিৰ্মাণ কৰিব পৰা হ’ব বুলি বিজেপিৰ নেতা সুব্ৰমনিয়াম স্বামীয়ে উল্লেখ কৰিছে। নেতাজনে দৃঢ়তাৰে প্ৰকাশ কৰে যে ৰাম জনমভূমি-বাবৰি মছজিদ গোচৰটো উচ্চতম ন্যায়ালয়ত বিচাৰধীন যদিও ন্যায়ালয়ে ৰাম মন্দিৰৰ পক্ষে ৰায় দিব। বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে কয়– ভগৱান ৰামৰ জন্মস্থানত মন্দিৰ নিৰ্মাণৰ কথাটোৰ পৰা আঁতৰি অহা নহ’ব।

উল্লেখ্য যে ৰাজ্যসভাৰ এই সাংসদজনে অযোধ্যা ভ্ৰমণ কালত উল্লেখিত মতামত প্ৰকাশ কৰিছিল। কালি পবিত্ৰ নগৰখনত সুব্ৰমনিয়াম স্বামী উপস্থিত হয়। আনহাতে আজি তেওঁৰ জন্মদিন। উল্লেখ্য যে এন ডি এৰ সহযোগী শিৱসেনাৰ মুখ্য উদ্ধৱ থাকৰেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে অযোধ্যাত শীঘ্ৰে ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ আহবান জনোৱাৰ এদিনৰ পাছতে বিজেপি নেতাজনে এই মত পোষণ কৰে।

শিৱসেনাৰ মুখ্য উদ্ধৱ থাকৰেয়ে জম্মু-কাশ্মীৰত ৩৭০ অনুেচ্ছদ বাতিল কৰাৰ সন্দৰ্ভত ইতিবাচক মত পোষণ কৰে। তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে কাশ্মীৰ বিষয়টো সমাধান কৰিব বুলি শুনিবলৈ পোৱা গৈছিল, যিটো চৰৰকাৰখনে বাস্তৱয়িত কৰিলে। মই মোডীক লৈ গৌৰৱ অনুভৱ কৰো, সেইদৰে উল্লেখ কৰি বাল থাকৰেয়ে ৰাম মন্দিৰ নিৰ্মাণৰ পদক্ষেপ ল’বলৈ চৰকাৰক আহবান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here