Home Breaking তিহাৰ জেলত জন্মদিন পালিব পি চিদাম্বৰমে

তিহাৰ জেলত জন্মদিন পালিব পি চিদাম্বৰমে

43
0

নতুন দিল্লীঃ তিহাৰ জেলত আবদ্ধ হৈ থকা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে কাৰামুক্ত হ’বৰ বাবে যিমানবোৰ চেষ্টা চলাইছিল, সকলোবোৰেই ইতিমধ্যে ইতি পৰিছে।

তিহাৰ কাৰাগাৰত আবদ্ধ হৈ থকা প্ৰাক্তন বিত্তমন্ত্ৰীজনে তেওঁৰ ৭৪ সংখ্যক জন্মদিন কাৰাগাৰতেই পালন কৰিব লাগিব। উল্লেখ্য যে ১৯৪৫ চনত তামিলনাডুৰ শিৱগংগা জিলাৰ কানাডুকাথান ঠাইত পি চিদাম্বৰমৰ জন্ম হৈছিল।

আইএনএক্স মিডিয়া দুৰ্নীতিৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে অহা ১৯ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাত কটাব লাগিব। উল্লেখ্য যে এই গোচৰটো চিবিআয়ে তদন্ত অব্যাহত ৰাখিছে।

ইফালে প্ৰাক্তন বিত্তমন্ত্ৰীজনে জামিনৰ বাবে জনোৱা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে শুনানি অহা ২৩ ছেপ্টেম্বৰলৈকে স্থগিত ৰাখিছে। স্মৰ্তব্য যে আইএনএক্স মিডিয়া গোচৰত প্ৰাক্তন বিত্তমন্ত্ৰীজনক পাঁচ ছেপ্টেম্বৰৰ দিনা ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

মন কৰিবলগীয়া যে যোৱা ২১ আগষ্টত তেওঁক এক নাটকীয়া পৰিবেশত গ্ৰেপ্তাৰ কৰা হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here