Home অসম আহি আছে বুল বুল কেন ছিংঃ জুবিনৰ পিছত যতীনৰ আগত ৰীমা দাসৰ...

আহি আছে বুল বুল কেন ছিংঃ জুবিনৰ পিছত যতীনৰ আগত ৰীমা দাসৰ চিনেমা

62
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ চলিত মাহতে অসমীয়া চিনেমাই সু-বাৰ্তা কঢ়িয়াইছে। প্ৰথম সপ্তাহত জুবিন গাৰ্গৰ বহুচৰ্চিত কাঞ্চনজংঘাৰ মুক্তি হ’ল। এই চিনেমাখনে ব্যৱসায়িক দিশত সফলতা লাভ কৰাৰ লগতে দ্বিতীয় সপ্তাহতো সম্পূৰ্ণকৈ ৰাইজে চিনেমাখন উপভোগ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পিছতে যতীন বৰাৰ ৰত্নাকৰ আৰু ৰীমা দাসৰ বুল বুল কেন ছিং নামৰ চিনেমা দুখনে মুক্তি লাভ কৰিব।

অসমীয়া চলচ্চিত্ৰ সমাজত ৰীমা দাস পৰিচিত আৰু জনপ্ৰিয় হৈ পৰিছে। তেওঁৰ ভিলেজ ৰকষ্টাৰ চিনেমাখনে স্বৰ্ণকমল বঁটা লাভ কৰাৰ লগতে অস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছিল। বুল বুল কেন ছিং নামৰ চিনেমাখনে চলিত বৰ্ষত ৰজত কলম লাভ কৰিছে।

বিদেশতো এইখন চিনেমাই কেইবাটাও বঁটা লাভ কৰিছে। সেয়েহে অহা ২০ ছেপ্টেম্বৰত অসমৰ ছবিগৃহত এইখন চিনেমাই মুক্তি লাভ কৰিব বুলি ৰীমা দাসে নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক অৱগত কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here