Home মুখ্য পৃষ্ঠা সন্ত্ৰাসবাদক সমৰ্থন জনোৱা বন্ধ নকৰিলে খণ্ড-বিখণ্ড হ’ব পাকিস্তানঃ ৰাজনাথ সিং

সন্ত্ৰাসবাদক সমৰ্থন জনোৱা বন্ধ নকৰিলে খণ্ড-বিখণ্ড হ’ব পাকিস্তানঃ ৰাজনাথ সিং

45
0

চুৰাটঃ পাকিস্তানৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈ পৰিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। চুৰাটত অনুষ্ঠিত ভাৰতীয় বীৰ জোৱান ট্ৰাষ্টৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰে।

পাকিস্তানত সকিয়াই দি সিঙে কয় যে দেশখনে যদি সন্ত্ৰাসবাদক সমৰ্থন জনোৱা বন্ধ নকৰে তেন্তে ভৱিষ্যতে দেশখন টুকুৰা টুকুৰ হৈ পৰিব। তেওঁ লগতে এইবুলিও কয় যে পাকিস্তানৰ সৈতে ভাৰতে কাশ্মীৰ বিষয়ক লৈ কোনো ধৰণৰ আলোচনা কৰিবলৈ প্ৰস্তুত নহয়। ইয়াৰ বিপৰীতে কেবল পাক অধিকৃত কাশ্মীৰ প্ৰসংগতহে পাকিস্তানৰ সৈতে আলোচনা সম্ভৱ বুলি ৰাজনাথ সিঙে স্পষ্ট কৰি দিয়ে।

ধৰ্মৰ ভিত্তিত ১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত বিভাজন হোৱাৰ কথা স্বীকাৰ কৰি ৰাজনাথ সিঙে লগতে কয় যে এতিয়া পাকিস্তানৰ বহু অঞ্চলৰ লোকে দেশখনৰ নীতিসমূহক সমৰ্থন জনাবলৈ বাদ দিছে। বিশেষকৈ পাক অধিকৃত কাশ্মীৰৰ জনতাই পাকিস্তানৰ চৰকাৰক মুঠেও বিশ্বাসত ল’ব নোৱাৰা হৈ পৰিছে। এনে পৰিস্থিতিত পাক অধিকৃত কাশ্মীৰৰ জনতাই পাকিস্তানৰ নাগপাশৰ পৰা মুক্ত হ’বলৈ চেষ্ট চলাই থকা বুলিও কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰা3কীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here