Home মুখ্য পৃষ্ঠা আকাশমাৰ্গৰ পৰাই অস্ত্ৰ মিছাইল উৎক্ষেপনঃ ভাৰতীয় বায়ুসেনাৰ সফলতা

আকাশমাৰ্গৰ পৰাই অস্ত্ৰ মিছাইল উৎক্ষেপনঃ ভাৰতীয় বায়ুসেনাৰ সফলতা

33
0

নতুন দিল্লীঃ ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গৰ পৰা অস্ত্ৰ মিছাইল উৎক্ষেপনৰ পৰীক্ষাত সফলতা অৰ্জন কৰিছে। উড়িশ্যাৰ সাগৰৰ পাৰত সুখই-৩০ যুদ্ধ বিমানৰ পৰা ৭০ কিলোমিটাৰ দূৰত্ব ভেদি এয়াৰ-টু-এয়াৰ অস্ত্ৰ মিছাইল উৎক্ষেপন কৰে। নিচেই পুৱাতে এই উৎক্ষেপনৰ সফলতাই ভাৰতীয় বিমান তথা বায়ুসেনাত নতুন সফলতাৰ সংযোজন ঘটিল।

প্ৰণিধানযোগ্য এয়ে যে ইয়াৰ পূৰ্বে নৌসেনাৰ জাহজৰ পৰা আকাশলৈ মিছাইল উৎক্ষেপনত ভাৰতীয় বিমান সেনাই সফলতা অৰ্জন কৰিছিল। এইবাৰ উড়ন্ত অৱস্থাত বায়ুসেনাৰ সুখই বিমানৰ পৰা অস্ত্ৰ মিছাইল অতি সফলতাৰে উৎক্ষেপন কৰা কাৰ্য দেশৰ বায়ুসেনা বাহিনীৰ বাবে অন্যতম সফলতা হিচাপে পৰিগণিত হৈছে। এই অস্ত্ৰ মিছাইল ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাগাৰা প্ৰস্তুত কৰা হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here