Home মুখ্য পৃষ্ঠা বাৰ্তাৰ অতিথিৰ কলমঃ এগৰাকী প্ৰকৃতি প্ৰেমিকৰ যন্ত্ৰণা

বাৰ্তাৰ অতিথিৰ কলমঃ এগৰাকী প্ৰকৃতি প্ৰেমিকৰ যন্ত্ৰণা

47
0

-বিপিন শইকীয়া-

দেওবাৰ। পৰিয়ালক সময় দিয়াৰ দিন। পৰিয়ালৰ সৈতে উদযাপনৰ দিন। কিন্তু প্ৰায়ে সেইটো হৈ নুঠেগৈ। ঘৰুৱা বা ৰাজহুৱা লেঠা-লুঠলিৰ বাবে দেওবৰীয়া সময়খিনি পৰিয়ালৰ তাৎক্ষণিক সদস্যসকলক দিয়াটো যেতিয়া সম্ভৱ নহয়, তেতিয়া মনটো কিছু বিষাদগ্ৰস্ত হৈ উঠে। নিজৰো জিৰণি বা অৱসৰ বিনোদন একো নহয়গৈ। ৰাজহুৱা স্বাৰ্থত সেইখিনি বিসৰ্জন দি অৱশ্যেই এক অনাবিল আনন্দ পোৱা যায়। যোৱাটো দেওবাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল ‘কাঞ্চনজংঘা’ ছবিখন চোৱাটো। কিন্তু টিকেট পালো মাত্ৰ এটা। তাৰেই ১১ বজাৰ দৰ্শনীত সোমাই ছবিখন চাই ঘূৰি আহি ঘৰ সোমাইছো মাত্ৰ, দেখিলো গেট খুলি চিনাকি মুখৰ ডেকাজন বিমৰ্ষ মনেৰে সোমাই আহিছে।
ঃভাত খালেনে?
মই বোলো–নাই খোৱা।
ঃ ভাত মুঠি খাই লওক, পিছত কথা পাতিম।
শ্ৰীমতীয়ে ততাতয়াকৈ তেওঁক চাহ একাপ যাচি মোলৈ ভাত বাঢ়িলে। মায়ো নাকে-মুখে ভাতকেইটা গুজি যিমান পাৰো সোনকালে শেষ কৰি ডেকাজনৰ কাষত বহিলোহি।
ঃ বৰ ডাঙৰ বিপদ এটাত পৰি আহিলো। বিপদ কেৱল মোৰ নহয়, আপোনাৰো।
মোৰ বুকুখন চিৰিংকৈ গ’ল। এইবাৰ আকৌ কি বিপদে লম্ভিলে। জীৱনত বিপদ-আপদ, সমস্যা-সংঘাত ইমানেই দেখিছো যে সেইবোৰে একপ্ৰকাৰ চলাব নোৱাৰা হৈছেগৈ। তথাপি বিপদ আপদৰ নাম শুনিলে ভীতিগ্ৰস্ত নহ’ব। এনে কোন ব্যক্তি পৃথিৱীত আছে? মই বুকুখন আৰু মনটো ডাঠ কৰি ডেকাক সুধিলো।
ঃ কোৱাচোন এনে কি বিপদত পৰিলা যে ময়ো তাৰ ভাগীদাৰ হ’বলগীয়া হ’ল।
সেমেকা অথচ উত্তেজিত চকু হাল মেলি তেওঁ মোৰ ফালে তীক্ষ্ন দৃষ্টি নিক্ষেপ কৰিলে–
এজন মানুহৰ বিপৰীতে কানাডাত আছে ৪৭৫৩ জোপা গছ, ৰাছিয়াত আছে ৪৪৬১ জোপা গছ। আৰু ভাৰতত আছে মাত্ৰ ২৮ জোপা গছ। মই তেওঁৰ চকুলৈ চালো।
ভাৰতত মানুহ আৰু অন্য প্ৰাণীবোৰ জীয়াই থাকিবনে কেইটামান দশকৰ পিছত? যদি এনে পৰিসংখ্যাই বিদ্যমান হৈ থাকে, তেন্তে উষ্ণতা বৃদ্ধি, অম্লজানৰ অভাৱ, জৈৱ বৈশিষ্ট্যৰ ধবংসৰ দৰে মাৰাত্মক ঘটনা নঘটিবনে? সভ্যতাৰ প্ৰাৰম্ভৰ পৰা এতিয়ালৈকে ৪৭ শতাংশ বৃক্ষ ধবংস কৰা হৈছে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে ৪৭ শতাংশ ধবংসৰ ঠাইত ৫০ শতাংশ বৃক্ষ ৰোপন, হোৱা উচিত আছিল। কিন্তু বহু দেশত সামান্য বনানীকৰণৰ ঠাইত অসামান্য বনধবংসৰ যজ্ঞ চলি আহিছে, চলি আছে।
ডেকাজনে প্ৰকৃততে মোৰ বিপদৰ কথা উনুকিয়াই যি ধৰমৰ কথা অৱতাৰণা কৰিছে, মই ঠিক তাৰ সূত্ৰটোৰ ওচৰ চাপিব পৰা নাই।
চকুৰ আগতে বনাঞ্চল নাগৰিকসকলে সংগঠনৰ নেতাসকলে এই ধবংস যজ্ঞ প্ৰতিৰোধৰ বাবে যুদ্ধ কৰিবলৈ ওলাই নাহে কিয়?
মই তলমূৰ কৰি কথাবোৰ জুকিয়াবলৈ ধৰিলো।
এনে অবৈধ বৃক্ষ ধবংস যজ্ঞ আৰু চোৰাং কাঠৰ বেপাৰত জড়িত হৈ আছে শক্তিশালী ৰাজনৈতিক নেতা, কৰ্তপক্ষ আৰু ব্লেকমেইল কৰি ধন ঘটা সাংবাদিক, বুদ্ধিজীৱী, সংগঠনৰ নেতা-পালিনেতা আৰু এচাম ধুৰন্ধৰ বিষয়া কৰ্মচাৰী।
আপুনি জানেনে আপোনাৰ জিলাৰ এটা বনাঞ্চলত চিয়া নাহৰ গছ হয়, যিটো পৃথিৱীৰ কতো নাই। সেই চিয়া নাহৰ, অবৈধভাৱে কাটি সোৱণশিৰি নৈৰে অবৈধভাৱে চালান দিয়া হয় যোৰহাটলৈ, যোৰহাটৰ পৰা যায় বিভিন্ন ঠাইলৈ। কেৱল সেয়াই নহয়, বনাঞ্চলত থকা বৃহৎ বৃহৎ বৃক্ষ অবৈধভাৱে কাটি, অবৈধভাৱে চলি আছে চোৰাং বেপাৰ। কোনোবা কাঠ বেপাৰী, কোনোবা বিষয়া, কোনোবা কৰ্মচাৰী হৈছে, লাখ লাখ টকাৰ গৰাকী কোটি কোটি টকাৰ মালিক।
এইবাৰ মই মোৰটো পোৱা যেন লাগিল। মই ক’লো–
সৰ্বনাশ হৈছে দেখোন। এয়াটো চাই থকাৰ কথা নবয়। এক প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা অত্যন্ত জৰুৰী। তোমালোক সচেতন যুৱ চামে কি চাই আছা?
এইবাৰ মই যে কদুঁ বাঁহ এটাতহে জুই লগাই দিলো।
কি চাই আছো? নাটক চাই আছো, নাটক। সকলো ভেকোভাওনা। ইয়াত এতিয়া ৰক্ষকেই ভক্ষক। উদক ভেটাৰখীয়া দি চৰকাৰ হৈ আছে নিশ্চিন্ত। ইফালে উদে মাছ খাই পুখুৰী উদঙেই কৰি গৈ আছে।
সংগঠনবোৰ কি কৰি আছে।
কি কৰিব, ইনক্লাব, জিন্দাবাদ। তাৰে কিছুমান নেতাই মাহেকীয়া তুলি বছেৰেকীয়া তুলি ৰজা হৈছে। লগত আৰু এচামক ধোদ কৰি জাতিটো খাই পেলাইছে। টকা লাগে চবকে, টকা। পৰিশ্ৰম নকৰাকৈ ওপৰতে টকা লাগে। বহুত ডাঙৰ ডাঙৰ সংগঠন এতিয়া উপাৰ্জনৰ সহজ পথত পৰিণত হৈছে।
নিউজ কৰিব লাগিছিল, উৰ্ধতম কৰ্তৃপক্ষ, মিনিষ্টাৰ আদিক আপত্তি দিব লাগিছিল।
এইবাৰ ডেকাই লগ অনা ফাইলটো খুলি মোৰ আগত মেলি ধৰিলে–
কি আচৰিত !
এটাৰ পিছত আন এটা বাতৰি প্ৰকাশ পাইছে, প্ৰতিটো বনধবংসৰ বিষয়ে। চোৰাং কাঠৰ ব্যৱসায়ৰ বিষয়ে। চপা হৈছে গঠ কটাৰ ফটো, চোৰাংকৈ পাৰ কৰা কাঠৰ কুণ্ডাৰ ফটো।
কিন্তু এইবোৰ অৰ্থহীন চেষ্টা। কাৰো গা নলৰে। গোটেই চিষ্টেমটোৱেই গোলমলীয়া। এটা বাতৰিৰ প্ৰতিও কোনো প্ৰতিক্ৰিয়া নাই কৰ্তৃপক্ষ, চৰকাৰী যন্ত্ৰ অথবা বিভাগীয় মন্ত্ৰীৰ।
তেওঁ এইবাৰ মোক ই-মেইলৰ কপিবোৰ উলিয়াই দেখুৱাবলৈ ধৰিলে।
এইবোৰৰো কোনো চোক নাই। সকলো ফুটুকাৰ ফেন যেন হৈছে। এটাই ফল পাইছো–
ঃ কোৱাচোন
ঃ মৃত্যুৰ ভাবুকি!
মই চকু হাল মেলি ডেকালৈ চালো।
ৰঙা চকুহালৰ পৰা ব’ববৈল ধৰিছে ক্ষোভ আৰু দুখৰ চকুলো।
মোক হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছে। কিন্তু মই ভয় নকৰো, জীৱ দি হ’লেও বনাঞ্চল সংৰক্ষণ আৰু বৃক্ষ বৃদ্ধিৰ কাম মই কৰি যাম। বন্যপ্ৰাণী বনাঞ্চল, বৃক্ষ, প্ৰকৃতি জগতেই মোৰ জীৱন, মোৰ যথাসৰ্বস্ব।
তেওঁৰ চকুৰ পৰা ধাৰাষাৰ অশ্ৰু নিগৰি আছে। শোকাকুল কণ্ঠেৰেই তেওঁ কৈছে–
প্ৰতি বছৰেই মই গাঁৱৰ নিৰ্বাচিত দুখীয়া মানুহৰ বাৰীত ১৫-২০ জোপা গছ ৰুই আহিছো। বহাগ মাহত তেনেকৈ কিছু পৰিয়াল নিৰ্বাচন কৰি নিজৰ গাড়ীত পুলি কঢ়িয়াই নি ৰোৱাইছো। ৰোৱাই আছো বহু বছৰ ধৰি। অকলেই কৰিছো। ভাল কামৰ বাবে মানুহ পাবলৈ নাই। জুলাই মাহত পুলি দুটামান ৰুই বাতৰি কাকত ফটো উঠা মানুহ বহুত আছে। কিন্তু বৃক্ষ ভালপোৱা বৃক্ষৰ যন্ত লোৱা, বৃক্ষ বৃদ্ধি কৰা মানুহ দুষ্প্রাপ্য। আপুনিও তেনে ব্যক্তি নহ’ব। আপোনাৰ সতীৰ্থসকলৰ সহযোগ বিচাৰি মই আহিছো। আহকচোন, প্ৰকৃতি সুৰক্ষা আৰু পৃথিৱী চোৱাৰ বাবে কিছু কাম কৰো। আহিবনে? মই তেওঁৰ দুহাতত ধৰি সাহস দিলো। সঁচাই আমি মানুহ হিচাপে ইমান অমানুহ ইমান নিৰ্লিপ্ত, ইমান নিক্ৰিয়।
ঃ হ’ব তোমাৰ দৰে আৰু দহজন মানুহ আমাক লাগে। ময়ো তোমাৰ লগত আছো। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা এতিয়া আমাৰ মৌলিক দায়িত্ব আৰু কৰ্ত্তব্য। মই তেওঁক গবা মাৰি ধৰিলো।
ফোনঃ ৭০০২৪-১৯৪৯৭

LEAVE A REPLY

Please enter your comment!
Please enter your name here