Home Breaking মণিপুৰত দুই সশস্ত্ৰ গোটৰ সংঘাতঃ প্ৰতিপক্ষৰ ঘৰত লগালে জুই

মণিপুৰত দুই সশস্ত্ৰ গোটৰ সংঘাতঃ প্ৰতিপক্ষৰ ঘৰত লগালে জুই

35
0

ইম্ফফলঃ মণিপুৰৰ সেনাপতি জিলাত অস্ত্ৰধাৰী দুই সশস্ত্ৰ গোটৰ সংঘাটৰ বাবে প্ৰতিপক্ষৰ বাসগৃহত জ্বলাই ভষ্মীভূত কৰে। প্ৰাপ্ত তথ্য মতে মঙলবাৰে পুৱতি নিশা সেনাপতি জিলাৰ মাখন খুমান গাঁৱত দহ ঘৰ বাসিন্দাৰ গৃহত অগ্নি সংযোগ কৰে।

একে-৪৭ আৰু এম-১৬ ৰাইফলধাৰী দল এটাই গাঁওখনৰ এমূৰৰ পৰা অগ্নি সংযোগ কৰি যায়। এই ঘটনাত মাৰাম খুলেন চাৰ্কুোল ইউনিয়ন নামৰ সশস্ত্ৰ সংগঠনটো জড়িত বুলি অভিযোগ কৰা হৈছে।

ইয়াৰ প্ৰতিবাদত আজি মাখান পিপুল অৰ্গেনাইজেশ্যন নামৰ সংগঠনটোৱে ইম্ফল-ডিমাপুৰ সংযোগী দুই নং ৰাষ্ট্ৰীয় পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাত জড়িত অপৰাধী ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিবলৈ দাবী জনাইছে। অন্যথা অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ভাবুকি দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here