Home মুখ্য পৃষ্ঠা লেণ্ডাৰ বিক্ৰমক বিচাৰি যাব নাছাৰ এলআৰঅ’ই

লেণ্ডাৰ বিক্ৰমক বিচাৰি যাব নাছাৰ এলআৰঅ’ই

55
0

নতুন দিল্লীঃ চন্দ্ৰযান-২ অভিযানৰ অৰবিটৰ পৰা পৃথক হৈ চন্দ্ৰৰ দক্ষিণ মেৰুত সংযোগবিহীনভাৱে অৱতৰণ কৰা লেণ্ডাৰ বিক্ৰমৰ অৱস্থিতিৰ বিষয়ে তথা সংগ্ৰহ কৰিবলৈ নাছাৰ এলআৰঅ’ শীৰ্ষক এয়াৰক্ৰাফটে প্ৰচেষ্টা চলাব।

লেণ্ডাৰ বিক্ৰম যি স্থানত পৰি আছে সেই স্থানৰ ওপৰেৰে এলআৰঅ’ই পৰিভ্ৰমণ কৰিব। তেতিয়া লেণ্ডাৰ বিক্ৰমৰ ফটো সংগ্ৰহ কৰাৰ লগতে লেণ্ডাৰ বিক্ৰমক সক্ৰিয় কৰিবলৈ প্ৰচেষ্টা চলোৱা হ’ব।

উল্লেখ্য যে যোৱা ৭ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত লক্ষ্য স্থানলৈ ২.১ কিলোমিটাৰ থকা অৱস্থাত লেণ্ডাৰ বিক্ৰমৰ সৈতে ইছৰ’ৰ মূল কাৰ্যালয়ৰ সংযোগ বিচ্ছিন্ন হয়। ইয়াৰ পিছদিনা চন্দ্ৰযান-২ অৰবিটৰে সংগ্ৰহ কৰা ফটোৰ জৰিয়তে নিশ্চিত হৈ যে লেণ্ডাৰ বিক্ৰম চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰচণ্ড জোৰত খুন্দা মাৰি অৱতৰণ কৰিছে। অৱশ্যে লেণ্ডাৰ বিক্ৰম কাৰ্যক্ষম তথা সক্ৰিয় হ’ব বুলি আশা কৰা হৈছে।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই লেণ্ডাৰ বিক্ৰমক সক্ৰিয় কৰাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ সৈতে সহযোগিতা কৰি আছে। তাৰ অংশ হিচাপে নাছাই লেণ্ডাৰ বিক্ৰমৰ অৱস্থিতি ফটো আৰু তথ্য সংগ্ৰহ কৰিবলৈ এলআৰঅ’ প্ৰেৰণ

LEAVE A REPLY

Please enter your comment!
Please enter your name here