Home অসম শীঘ্ৰে আৰম্ভ ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্দ্ধন প্ৰকল্পৰ কাম

শীঘ্ৰে আৰম্ভ ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্দ্ধন প্ৰকল্পৰ কাম

33
0
  • গুৱাহাটী মহানগৰীৰ প্ৰৱেশদ্বাৰ স্বৰূপ খানাপাৰা আৰু বৰঝাৰ বিমান বন্দৰত ৰাজ্যৰ ঐতিহ্যৰ চানেকী বহনেৰে নিৰ্মাণ হ’ব দুখন বৃহৎ আকাৰৰ প্ৰৱেশদ্বাৰ
  • মহানগৰীৰ গৃহহীনসকলৰ বিস্ত´ত জৰীপ কাৰ্য চলোৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ মহানগৰীত নিৰ্মাণ হ’ব আৰু এখন অত্যাধুনিক ষ্টেডিয়াম

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ গুৱাহাটী মহানগৰীৰ প্ৰৱেশদ্বাৰ স্বৰূপ বৰঝাৰ বিমান বন্দৰ পথ আৰু খানাপাৰাত অসমৰ ঐতিহ্যমণ্ডিত ভাস্কৰ্যৰ চানেকী বহনেৰে দুখন বৃহৎ আকাৰৰ প্ৰৱেশদ্বাৰ স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হ’ব। তদুপৰি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সমীপত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণো কৰা হ’ব। এই ষ্টেডিয়ামত ইণ্ডোৰ, আউটডোৰ গেমছৰ সুবিধাৰ উপৰি যানবাহনৰ বাবে উপযুক্ত পাৰ্কিঙৰো সুবিধা সন্নিৱিষ্চ কৰা হ’ব।

ব্ৰহ্মপুত্ৰৰ পৰাৰ সৌন্দৰ্য বৰ্দ্ধন অংশ হিচাপে প্ৰথম পৰ্যায়ত ১.৩ কিলোমিটা দৈৰ্ঘ্যৰ আইক’নিক ব্ৰীজ নিৰ্মাণ কৰা হ’ব। আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ পৰ্যালোচনামূলক বৈঠকত এই সিদ্ধান্ত লোৱা হয়। আজিৰ বৈঠকতে মুখ্যমন্ত্ৰীৰ সোণোৱালে মহানগৰীখনৰ গৃহহীন লোকৰ এক বিস্ত´ত জৰীপ কাৰ্য হাতত লোৱাৰ বাবেও সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

কালিৰ বৈঠকতে গুৱাহাটী মহানগৰীৰ যিবোৰ ফ্লাই অভাৰৰ তলত পৰ্যাপ্ত ঠাই আছে, সেই ফ্লাই অভাৰৰ মধ্যাংশত ডাবলপাৰ্কিং ব্যৱস্থা নিৰ্মাণৰ বাবেও সিদ্ধান্ত লোৱা হয়। ফ্লাই অভাৰসমূহৰ নিম্ন অংশৰ তলৰ ঠাইসমূহত অনাময় ব্যৱস্থা সম্বলিত তথা আধুনিক সা-সুবিধা সম্বলিত নৈশ আশ্ৰয়স্থল গৃহহীন লোকসকলৰ বাবে নিৰ্মাণৰ বাবেও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়।

বৈঠকত মুখ্যমন্ত্ৰীয়ে দীপৰ বিলৰ সংৰক্ষণৰ দিশত ইয়াৰ চাৰিসীমা নিৰ্ধাৰণ কৰাৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণৰ উপৰি দীপৰ বিলত যাতে পৰ্যাপ্ত পৰিমাণে প্ৰদূষণ মুক্ত পানী বাহাল থাকে, তাৰ ব্যৱস্থা ল’বলৈও সংশ্লিষ্ট নিৰ্দেশ দিয়ে। স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত মহানগৰীৰ গান্ধী মণ্ডপৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত দুই অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাখন এই প্ৰকল্প উদ্বোধন কৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়।

বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী সোণোৱালে স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনৰ প্ৰকল্পসমূহ সময় নিৰ্ধাৰিত আৰু নিখঁুতভাৱে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। বৈঠকত স্মাৰ্ট চিটীৰ অধীনৰ বিভিন্ন প্ৰকল্পৰ ৰূপায়ণৰ দায়িত্বত থকা টাটা কনচালটেন্সিয়ে স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ বিভিন্ন দিশ সামৰি এক প্ৰেজেণ্টশ্বনো আগবঢ়ায়।

বৈঠকত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মুখ্য সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিব ক্ৰমে কুমাৰ সঞ্জয় কৃষ্ণ আৰু মণিনন্দ সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here