Home Breaking চাৰি কুখ্যাত আন্তঃৰাজ্যিক ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ

চাৰি কুখ্যাত আন্তঃৰাজ্যিক ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ

30
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, নগাঁওঃ নগাঁও আৰক্ষীয়ে কালি নিচেই পুৱা এক অভিযান চলাই ৰহাৰ টোল গেটৰ ওচৰত চাৰি কুখ্যাত আন্তঃৰাজ্যিক ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫৬ গ্ৰাম হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াকেইটা হ’ল বৰপেটাৰ গুণাৰ ফুলচান্দ আলি (৩০), দৰঙৰ নাংগালিচৰৰ মহম্মদ মুক্তাৰ আলিশ্চ(২৮), দৰঙৰ ধলপুৰৰ হান্নান আলিশ্চ(২৮) আৰু হাজোৰ চাকিনা বেগম (২৭)।

প্ৰাপ্ত খবৰ মতে গোপন সুত্ৰৰ পম খেদি বুধবাৰে পুৱা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ৰ’জি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰহা টোল গেটৰ ওচৰত গুৱাহাটীৰ দিশৰ পৰা আহি থকা এএছ-০১এআৰ-২৮৭৮ নম্বৰৰ এখন ফৰ্ড ফিগ’ গাড়ীত তালাচী চলাই হিৰ’ইনখিনি জব্দ কৰাৰ লগতে ড্ৰাগছ মাফিয়াকেইটাক গ্ৰেপ্তাৰ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here