Home অসম পৃথক বড়োলেণ্ড বাদ দি নতুন চাৰি জিলা সৃষ্টিৰে এনডিএফবিৰ ধীৰেন গোটৰ সতে...

পৃথক বড়োলেণ্ড বাদ দি নতুন চাৰি জিলা সৃষ্টিৰে এনডিএফবিৰ ধীৰেন গোটৰ সতে শীঘ্ৰেই কেন্দ্ৰৰ চুক্তিঃ হাগ্ৰামা জ্যেষ্ঠ নাগৰিকৰ ভৰি ধুই-ম’চি দিলে হাগ্ৰামা মহিলাৰীয়ে

29
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, ছালাকাটিঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত কালি দিনজোৰা কাৰ্যসূচীৰে জ্যেষ্ঠ নাগৰিকৰ সজাগতা কাৰ্যসূচী হিচাপে ‘চেতনা অভিযান’ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু বিটিচি চৰকাৰৰ সহযোগত চেতনা অভিযানৰ সংবেদনশীলতাৰ কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই জ্যেষ্ঠ নাগৰিকৰ ভৰি ধুই দি আৰনাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

বডোফা সাংস্কৃতিক প্ৰকল্পত আড়ম্বৰপূৰ্ণভাৱে আয়োজিত হোৱা চেতনা অভিযান উপলক্ষে অনুষ্ঠিত হোৱা সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জ্যেষ্ঠ নাগৰিকক অবহেলা কৰিব নালাগে বুলি মন্তব্যৰে জ্যেষ্ঠ নাগৰিকৰ বাবে বিটিচিয়ে পৰিচয়পত্ৰ প্ৰদান কৰিব বুলি সদৰী কৰে।

বিটিএডি এলেকাত বৃদ্ধাআশ্ৰম নিৰ্মাণ কৰা হ’ব বুলিও সদৰী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ইপিনে উক্ত সভাতে এনডিএফবিৰ ধীৰেন বড়ো গোটৰ সতে চৰকাৰৰ আলোচনা চলি আছে বুলি সদৰী কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে পৃথক বড়োলেণ্ড বিষয়টোক বাদ দি অচিৰেই নতুন চাৰিখন জিলা সৃষ্টিৰে এনডিএফবিৰ ধীৰেন গোটৰ সতে চুক্তি হ’ব।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰে আলোচনা হৈছে বুলি সদৰী কৰি নতুন জিলা সৃষ্টিৰে উন্নয়ন কঢ়িয়াই আনিব বুলি মতপোষণ কৰে। আনহাতে সভাত উপস্থিত থকা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে পূত্ৰ-বোৱাৰীয়ে আজিকালি পিতৃ-মাতৃক অৱহেলা কৰাটো সামাজিক ব্যাধিত পৰিণিত হৈছে। জ্যেষ্ঠ নাগৰিকক আদৰ সন্মান কৰা উচিত আৰু সজাগতা অনাৰ ক্ষেত্ৰত সমাজ কল্যাণ বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে মন্ত্ৰী ব্ৰহ্মই।

অনুষ্ঠানত বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকন, জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ, বিটিচিৰ কেবাগৰাকী কাৰ্যবাহী সদস্য, বিপিএফৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতা আৰু কেবাশতাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here