Home Breaking চাৰিটাকৈ সংগঠনৰ বন্ধত অচল অ’এনজিচিৰ কাম-কাজ

চাৰিটাকৈ সংগঠনৰ বন্ধত অচল অ’এনজিচিৰ কাম-কাজ

30
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, নাজিৰাঃ মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদ কৰ্তৃপক্ষৰ অসম বিৰোধী নীতিৰ প্ৰতিবাদত সংগ্ৰামী যুৱ— ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, মেচ— কছাৰী জাতীয় পৰিষদ আৰু আহোম জাতীয় গণ মঞ্চই ১৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া সৰ্বাত্মক নিগম বন্ধ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই বন্ধৰ সময়ত বৰ্তমানলৈ সৰ্বাত্মক বন্ধত নিগমৰ কামকাজ অচল হৈ পৰে।

উল্লেখ্য যে নিগমত বছৰ বছৰ ধৰি খালীহৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত থলুৱা শিক্ষিত যুৱক—যুৱতীক নিযুক্তি দিয়া, এই পদ সমূহত ডেৰাডুন, দিল্লী, কলকাতা আদিত নিযুক্তি দি অসমলৈ অতি কৌশলগতভাৱে বদলি কৰি অনা, নিগমৰ তৈলক্ষেত্ৰত বিজ্ঞান সন্মতভাৱে তেল আৰু প্ৰাকৃতিক গেছৰ খনন উৎপাদন কৰা, চিভিল এ আৰ চি নিবিদা পদ্ধতি প্ৰত্যাহাৰ কৰা অতি লাভজনক গেলেকী, ডিমুৱাল, লাইপেলেং তৈলক্ষেত্ৰ ব্যক্তিগত মালিকানাধীন পুঁজিপতি বহিৰাগত কোম্পানীক হস্তান্তৰৰ বিৰোধীতা, নিগমৰ ঠিকাদাৰী প্ৰতিষ্ঠান মেঘা-মেকং আদি বহিৰাগত কোম্পানী সমূহে স্থানীয় খেতি পথাৰ, মীন পাম, বহু পৰিয়ালৰ ঘৰ-দোৱাৰ, মাটি—ভেটি উচন কৰি বিস্তৰ ক্ষতিসাধন কৰা কাৰ্যৰ প্ৰতিবাদ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ আদায় দিয়া, নাজিৰা মহকুমা তথা শিৱসাগৰ জিলাক তৈলক্ষত্ৰ হিচাপে ঘোষণা কৰি শৈক্ষিক, সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক আদি সৰ্বাংগিন দিশত উত্তৰণৰ বাবে চি আৰ এচ তথা মানৱ সম্পদ বিভাগৰ জৰিয়তে আচনি ৰূপায়ণ কৰা আদিকে ধৰি ভালে সংখ্যক গুৰুত্বপূৰ্ণ দাবীত সংগঠন কেইটাই ১৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা ২১ ছেপ্টেম্বৰ পুৱা ৫ বজালৈ ৪৮ ঘণ্টীয়া অ’ এন জি চি সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

উক্ত বন্ধৰ সমৰ্থনত থকা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ ক্ৰমে ঋতুৰাজ বৰগোহাঞি, জাকিৰ আখতিৰ হুছেইন, কংচেং বৰগোহাঞি, ৰফিকুল হুছেইন, ৰণ্টু ভূঞা, পংকজ দত্ত, মুজিবুৰ ৰহমান আৰু পৱিত্ৰ বৰুৱাক নাজিৰাৰ আৰক্ষীয়ে কালি পুৱা ভাগতে আটক কৰি বিয়লি ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে।

ইফালে উক্ত বন্ধ কাৰ্যসূচী অ’এনজিচিৰ হেঁচাত উঠাই ল’বৰ বাবে জিলা আৰক্ষী, প্ৰশাসন কৰ্তৃপক্ষই সংগঠন কেইটাক অনুৰোধ জনাইছে যদিও উক্ত দাবী সমূহৰ কাৰ্যকৰী কৰণৰ বাবে লিখিত প্ৰতিশ্ৰুতি তথা ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ নগৰা পৰ্যন্ত উক্ত বন্ধ কাৰ্যসূচী ঘোষিত সময় লৈকে অব্যাহত থাকিব বুলি সংগঠনকেইটাই স্পষ্ট কৰি দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here