Home Breaking হোজাই ডবকাত পুনৰ ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনাঃ নাৰিকল চুৰি কৰি খোৱাটোৱেই অপৰাধ,...

হোজাই ডবকাত পুনৰ ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনাঃ নাৰিকল চুৰি কৰি খোৱাটোৱেই অপৰাধ, ৩ কিশোৰ বন্ধুক গছত বান্ধি তালিবানী শাস্তি

27
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, ডবকাঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত চাংমাজি গাঁৱত পুনৰ মৰেল পুলিচিঙৰ ঘটনাই ছাডঞ্চল্যৰ সৃষ্টি কৰিছে।

সোমবাৰে তিনি কিশোৰ বন্ধুৱে মিলি একে গাঁৱৰে কাচিম আলীৰ ঘৰৰ পৰা এটা নাৰিকল চুৰ কৰি খোৱাৰ অভিযোগত বুধৰাৰে পুৱাৰ ভাগত কাচিম আলীৰ পুত্ৰ জাকিৰ হুছেইনে কথা আছে বুলি কৈ কিশোৰকেইটাক ঘৰৰ পৰা মাতি আনি ৰাস্তাৰ কাষত গছত বান্ধি চলাই নাৰিকল চুৰিৰ তালিবানী বিচাৰ।

লাঠিৰে প্ৰহাৰ কৰাৰ লগতে চুলি কাটি, কালি লগাই চলাইনিৰ্মম অত্যাচাৰ।হ ×মানতে খান্ত নাথাকি জাকিৰ বাহিনীয়ে তিনি কিশোৰৰ বিৰুদ্ধে ২০ হাজাৰ টকা চুৰি কৰাৰ লগতে নাৰিকল চুৰিৰ অভিযোগত টাটা মোবাইলত উঠাই ডবকা থানাত লৈ আহি চুৰিৰ গোচৰ দিয়ে। ডবকা আৰক্ষীয়ে নাৰিকল চুৰিৰ গোচৰ পঞ্জীয়ন কৰি কিশোৰ ছাত্ৰ তিনি গৰাকীক স্বাস্থ্য পৰীক্ষা কৰি তিনিওকে জামিনত মুকলি কৰি দিয়ে।

ইমানতে ঠিকে ঠাকে আছিল যদিও গছত বান্ধি নিৰ্মম প্ৰহাৰ কৰাৰ ভিডিঅ’ আজি ব্যাপক ভাইৰেল কৰাত ডবকাত চাঞ্চল্য সৃষ্টি কৰিছে। নিশা সামাজিক বিচাৰো দুয়ো পাৰ্টিৰ মাজত হৈ যায়। কালি হঠাত ঘটনাৰ অন্য গতি লয়। মাজৰ এটা চক্ৰই যধে মধে শিশুকেইটাৰ মৰেল পুলিচিঙৰ ঘটনা সামাজিক মাধ্যমত ভাইৰেল কৰে।

তাৰ পিচত ডবকা থানাত জাকিৰৰ বিৰুদ্ধে গোচৰ দিয়ে কিশোৰ কেইগৰাকীৰ পৰিয়ালৰ লোকে। এই ক্ষেত্ৰত ডবকা আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here