Home অসম অগণন ভক্তৰ সমাবেশেৰে সামৰণি পৰিল ভাদমহীয়া নাম-প্ৰসংগঃ নিজম পৰিল শ্ৰী শ্ৰী নিত্যানন্দদেৱ...

অগণন ভক্তৰ সমাবেশেৰে সামৰণি পৰিল ভাদমহীয়া নাম-প্ৰসংগঃ নিজম পৰিল শ্ৰী শ্ৰী নিত্যানন্দদেৱ থানঃ মুকলি সভাত মাধৱদেৱ বঁটা প্ৰাপক যোগদানন্দ দেৱ গোস্বামী

30
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, দিচাংমুখঃ শিৱসাগৰ নগৰৰ দাঁতিকাষৰত অৱস্থিত কাথপাৰ গাঁৱত প্ৰতিষ্ঠা হৈ আছে মায়ামৰা ভকত বৈষ্ণৱৰ আদিগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ পৰিনাতি শ্ৰীশ্ৰী নিত্যানন্দদেৱৰ থান। মায়ামৰা ভকত বৈষ্ণৱৰ পীঠস্থান হিচাপে পৰিচিত শ্ৰীশ্ৰী নিত্যানন্দদেৱ থান প্ৰাঙ্গণত প্ৰতি বছৰৰ দৰে এইবাৰো পহিলা ভাদৰ পৰা অনুষ্ঠিত হৈ আছিল ভাদমহীয়া নাম।

সমগ্ৰ ভাদ মাহটোত ভক্তিৰসৰ নিজৰা বোৱাই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰি কালি সামৰণি পৰিল মাহজোৰা ভাদমহীয়া নামৰ। সামৰণি কাৰ্যসূচী হিচাপে পুৱা চাফাই অভিযান, ভাগৱত পাঠ, গায়ন-বায়ন প্ৰদৰ্শন, প্ৰসাদ বিতৰণ আৰু সমূহীয়া সেৱা অনুষ্ঠিত হয়। দুপৰীয়া ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাৰ সভাপতিত্ব কৰে থান পৰিচালনা সমিতিৰ সভাপতি বুদ্ধেশ্বৰ চুতীয়াই।

সম্পাদক বিভূতি চেতিয়াই আঁতধৰা মুকলি সভাত শ্ৰীশ্ৰী দিনজয় মায়ামৰা সত্ৰ সত্ৰাধিকাৰ তথা মাধৱদেৱ বঁটাপ্ৰাপক যোগদানন্দ গোস্বামী, শ্ৰীশ্ৰী পুৰণিমাটি মূল সত্ৰৰ সত্ৰাধিকাৰ ভবানন্দ দেৱগোস্বামী আৰু শ্ৰীশ্ৰী দিনজয় সত্ৰৰ ডেকা সত্ৰাধিকাৰ মনোজ কুমাৰ গোস্বামী উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসঙ্গত শ্ৰীশ্ৰী দিনজয় মায়ামৰা সত্ৰ সত্ৰাধিকাৰ তথা মাধৱদেৱ বঁটাপ্ৰাপক যোগদানন্দ গোস্বামীয়ে কয় যে মানুহ থকালৈকে যুগে যুগে ধৰ্ম চিৰন্তন গতিৰে
আগবাঢ়িব।

ধৰ্মই মানুহক সমাজ গঠনৰ দিশে আগবঢ়াই নি মহানতাৰ জখলাৰ শিখৰত উপনীত কৰে। উক্ত সভাতেই মাধৱদেৱ বঁটাপ্ৰাপক যোগদানন্দ গোস্বামীক থান পৰিচালনা সমিতিয়ে প্ৰশস্তি পত্ৰ, শৰাই, চেলেং চাদৰ, গামোছা আৰু নগদ ধনেৰে সম্বৰ্দ্ধনা জনায়। মুকলি সভাৰ পূৰ্বে লিপ্সা নেওগে বৰগীতেৰে মুকলি সভাৰ শুভাৰম্ভ কৰে, কাথপাৰ গাঁৱৰ হৰিজী সকলে আদৰণী গীত আৰু হৰ্ষিতা দত্তই নাদভংগী নৃত্য প্ৰদৰ্শন কৰে।

সভাপতিৰ ভাষণত লগতেই এইবছৰৰ আয় ব্যয়ৰ খতিয়ানত সভাপতি বুদ্ধেশ্বৰ চুতীয়াই সৰ্বমুঠ সংগৃহীত ধন ৭,৮৫,৪৬৯ টকাৰ বিপৰীতে ব্যয় হয় ৫,৩৮,২৬৯ টকা, আলোচনী বিক্ৰী কৰি পোৱা ধনৰ পৰিমাণ ২৩,৪৩০ টকা,সৰ্বমুঠ ৰাহি ধনৰ পৰিমাণ ২,৭০,৬৩০ টকা। ইয়াৰ পিছত শলাগৰ শৰাই আগবঢ়াই থান পৰিচালনা সমিতিৰ সভাপতিয়ে। সন্ধিয়ালৈ ঘৰে ঘৰে বন্তি প্ৰজ্বলনৰ লগতে কাথপাৰ গাঁৱৰ যুৱক বৃন্দই কাথপাৰ ক্লাৱঘৰত “সীতা হৰণ বালী বধ” নামৰ অঙ্কীয়া ভাওনা প্ৰদৰ্শন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here