Home অসম গুৱাহাটী-বেংককৰ মাজত প্ৰত্যক্ষ বিমানৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীৰঃ প্ৰত্যক্ষ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই আছিয়ান...

গুৱাহাটী-বেংককৰ মাজত প্ৰত্যক্ষ বিমানৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীৰঃ প্ৰত্যক্ষ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই আছিয়ান দেশৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰাত নতুন মাত্ৰা প্ৰদান কৰিব গুৱাহাটীক

37
0
Chief Minister Sarbananda Sonowal flags off Guwahati-Bangkok International flight at LGBI Airport

বিমান সেৱাই উত্তৰ পূবৰ পৰ্যটনৰ উত্তৰণত বিশেষ ভূমিকা ল’বঃ ৰিজিজু
দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ গুৱাহাটীক আছিয়ান দেশসমূহৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপক এক নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে পুৱতি নিশা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গুৱাহাটীৰ পৰা বেংককলৈ প্ৰথমখন প্ৰত্যক্ষ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে।

উল্লেখ্য যে ‘নক এয়াৰ’ৰ দ্বাৰা আৰম্ভ কৰা এই বিমান সেৱাই যাত্ৰীসকলক গুৱাহাটী আৰু বেংকক মাত্ৰ তিনি ঘণ্টাতকৈও কম সময়তে গন্তব্য স্থানত উপনীত কৰাব। সপ্তাহত দুবাৰকৈ চলিবলগীয়া এই সেৱাই ব্যৱসায়ী আৰু পৰ্যটকসকলক বিশেষভাৱে সহায় কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তঃৰাষ্ট্ৰীয় এই বিমান সেৱাই কেৱল মাত্ৰ বিমান সেৱাৰ সম্প্ৰসাৰণ কৰাই নহয়, বৰং অসম আৰু থাইলেণ্ডৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্বন্ধ সুদৃঢ় কৰাৰ উপৰি দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ দিশটো বিশেষ ভূমিকা ল’ব বুলি মন্তব্য কৰে।

যোগাযোগ ব্যৱস্থাই ইমান দিনে অঞ্চলটোৰ বিকাশৰ অন্তৰায় আছিল বুলি মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰে সেয়েহে উৰাণ আঁচনিৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ ছখন দেশলৈ গুৱাহাটীৰ পৰা প্ৰত্যক্ষ বিমান সেৱা প্ৰৱৰ্তনৰ পদক্ষেপ লৈছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ ১ জুলাইত আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ আঁচনিৰ অধীনত স্পাইছ জেটৰ প্ৰথম গুৱাহাটী-ঢাকা বিমান সেৱাৰ ফ্লেগ অফ কৰা হৈছিল। আগন্তুক কেইটামান মাহৰ ভিতৰত কাঠমাণ্ডু, য়াংগুণ, হানৈ আৰু কুৱালালামপুৰলৈ বিমান সেৱা আৰম্ভ হ’ব।

উল্লেখ্য যে বিগত ৰয়েন ভূটান এয়াৰ লাইনছৰ দ্ৰুক এয়াৰে পাৰো-গুৱাহাটী-ছিংগাপুৰ বিমান সেৱাৰ প্ৰাৰম্ভণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ পাঁচখন নগৰৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ১৯ খন নগৰ আঞ্চলিক বিমান সংযোগী আঁচনি ‘উড়াণ-২’ ৰ অধীনত সেৱা আগবঢ়োৱাৰ বাবে সিদ্ধান্ত লৈছে। এই পদক্ষেপসমূহে জনসাধাৰণৰ বাবে বিমান পৰিবহণ সূচল কৰি তোলাৰ উপৰি আঞ্চলিক বিমান সেৱাৰ মান উন্নীতকৰণৰ দিশত বিশেষ সহায় কৰিব। তদুপৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা দক্ষিণ পূব এছিয়াৰ দেশসমূহলৈ প্ৰত্যক্ষ বিমান সেৱা উপলব্ধকৰণৰে ইয়াক এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য লৈছে।

১৮৫৮ চনত স্থাপনৰ পিছৰ পৰা বৰ্তমান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ব্যাপক পৰিৱৰ্তন আৰু নবীকৰণৰ কাম হাতত লোৱা হৈছে। ২০১৭ চনত বিমান বন্দৰটোত ৩.৭ মিলিয়ন যাত্ৰীয়ে এই বিমান বন্দৰত পদাৰ্পণ কৰিছিল। ২০১৬ চনতকৈ এই হাৰ ৩৬ শতাংশ অধিক আছিল। ২০১৮-১৯ বৰ্ষত ২৩ শতাংশ বৃদ্ধিৰে ৫.৭ মিলিয়ন যাত্ৰীয়ে এই বিমান বন্দৰত পদাৰ্পণ কৰিছে আৰু উক্ত সময়ছোৱাত ৫৫,০৬৬ সংখ্যক বিমান এই বিমান বন্দৰটোত অৱতৰণ কৰিছে।

বৰ্তমানে থকা টাৰ্মিনেলত প্ৰতি ঘণ্টাত ৮৫০ গৰাকী যাত্ৰীয়ে অহা-যোৱা কৰাৰ সুবিধা আছে। তদুপৰি, নতুন টাৰ্মিনেল নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে। এই টাৰ্মিনেলনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ দিশত ইয়ে উল্লেখযোগ্য বৰঙণি যোগাব। নতুন টাৰ্মিনেলত অনাময় ব্যৱস্থাপনা প্ৰকল্প, সৌৰ শক্তি, বৰষুণৰ পানী সংৰক্ষণৰে ব্যৱহাৰ, গোটা আৱৰ্জঔনাৰ ব্যৱস্থাপনা ইত্যাদি ব্যৱস্থাৰে উতৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বহনক্ষম টাৰ্মিনেল হিচাপে ই পৰিগণিত হ’ব। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ইয়ে প্ৰায় তিনি হেজাৰ প্ৰত্যক্ষ নিয়োজন আৰু প্ৰায় ২০ হেজাৰ পৰোক্ষ নিয়োজনৰ সুবিধা সৃষ্টি কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা মাজনিশা বেংককলৈ উৰা মৰা প্ৰথমখন বিমান সেৱা মুখ্যমন্ত্ৰীয়ে ফ্লেগ অফ কৰাৰ সময়ত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়ক বিমল বৰাৰ লগতে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

বিমান সেৱাই উত্তৰ পূবৰ পৰ্যটনৰ উত্তৰণত বিশেষ ভূমিকা ল’বঃ ৰিজিজু
দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ পোনপ্ৰথমবাৰলৈ গুৱাহাটী আৰু বেংককৰ মাজত নক এয়াৰৰ পোনপটীয়া বিমান সেৱা শনিবাৰে মাজনিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগঅব কৰাৰ পাছত আজি মহানগৰীৰ এখন অভিজাত হোটেলত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে।

তেওঁ নক এয়াৰৰ এই বিমান সেৱাই উত্তৰ-পূব ভাৰতৰ পৰ্যটনৰ উত্তৰণৰ বিশেষ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত ৰিজিজুৱে কয়- দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক সৌন্দৰ্য্য, সংস্কৃতি সকলোতকৈ সুকীয়া। উত্তৰ পূবত পৰ্যটনৰ যথেষ্ট থল আছে। তথাপিও দেশৰ আন অংশৰ তুলনাত উত্তৰ পূব ভাৰত এই পৰ্যটনৰ ক্ষেত্ৰত এতিয়াও পিছপৰা।

ইয়াৰ প্ৰধান কাৰণ হৈছে পোনপটীয়া যাতায়াত ব্যৱস্থাৰ অভাৱ। নক এয়াৰৰ পোনপটীয়া বিমান সেৱাই এইক্ষেত্ৰত নতুন অধ্যায় সূচনা কৰিছে। এই বিমান সেৱাৰ পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ উত্তৰণৰ বাবে মন্ত্ৰীগৰাকীয়ে এইদৰে সকলোৰে সহায়-সহযোগিতা কামনা কৰি সকলো ক্ষেত্ৰতে সহযোগ আগবঢ়াবলৈ সাজু বুলিও উল্লেখ কৰে।

নক এয়াৰৰ এই উদ্বোধনী অনুষ্ঠানত বিমান প্ৰতিষ্ঠানটোৰ সহযোগী গ্ৰুপ কনকৰ্ডৰ কাৰ্যবাহী সঞ্চালক পুখৰাজ সিং চুগে ক্ৰীড়া মন্ত্ৰীগৰাকীক ধন্যবাদ জনাই ভৱিষ্যতে এইক্ষেত্ৰত আৰু অধিক উদগনীমূলক কাম কৰি যাব পাৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত নক এয়াৰলাইনছ পাব্লিক কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া উথিফোম জুৰাংকুলু উপস্থিত থাকে।

উল্লেখ্য নক এয়াৰৰ বিমান সেৱা সপ্তাহৰ বৃহস্পতিবাৰ আৰু দেওবাৰে গুৱাহাটীৰ পৰা বেংকক অভিমুখে উৰা মাৰিব। একেদৰে বেংককৰ ডন মিউয়েং বিমান বন্দৰৰ পৰা প্ৰতি বুধবাৰ আৰু শনিবাৰে গুৱাহাটী অভিমুখে ৰাওনা হ’ব। এই বিমান সেৱাৰ জৰিয়তে তিনি ঘণ্টাতকৈ কম সময়ৰ ভিতৰত গুৱাহাটী-বেংককৰ যাত্ৰা সম্ভৱ হৈ উঠিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here