Home Breaking সোণোৱালৰ নিৰাপত্তাক লৈ বিভিন্নজনৰ উদ্বিগ্নতাঃ বেয়া বতৰত কিয় ব্যৱহাৰ ত্ৰুটিযুক্ত পৱনহংস

সোণোৱালৰ নিৰাপত্তাক লৈ বিভিন্নজনৰ উদ্বিগ্নতাঃ বেয়া বতৰত কিয় ব্যৱহাৰ ত্ৰুটিযুক্ত পৱনহংস

52
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ বেয়া বতৰত উত্তৰ পূৰ্বাঞ্চলত পৱনহংস হেলিকপ্টাৰ সঘনে দুৰ্ঘটনাত পতিত হৈ আহিছে। অতি পুৰণি প্ৰযুক্তিৰে নিৰ্মিত পৱনহংস হেলিকপ্টাৰে উত্তৰ-পূবৰ বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ জীৱন কাঢ়ি নিছে। তেনেস্থলত কালিও কথমপি প্ৰাণ ৰক্ষা পৰা সৰ্বানন্দ সোণোৱালক পৱনহংস হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলৈ দিয়া কাৰ্যৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ গোন্ধ পাইছে ঘনিষ্ঠ মহলে।

আনকি দিছপুৰৰ উচ্চাকাংক্ষী মহলে কৌশলেৰে আজিৰ দিনটোত অন্য হেলিকপ্টাৰৰ সেৱা আঁতৰাই ৰাখি বেয়া বতৰ সত্বেও মুখ্যমন্ত্ৰীৰ বাবে এখন আওপুৰণি ছিংগল ইঞ্জিনৰ পৱনহংস যোগান ধৰা বুলি অভিযোগ কৰা হৈছে। উল্লেখ্য যে ২০১১ চনৰ ২৯ এপ্ৰিলত পৱনহংসৰ যাত্ৰী হৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী দৰ্জি খাণ্ডুৱে পাঁচজন সহযাত্ৰীসহ প্ৰাণ হেৰুৱাইছিল। ২০১৫ চনৰ ৪ আগষ্টত অৰুণাচলৰ টিৰাত জিলাৰ উপায়ুক্ত কমলেশ কুমাৰ যোশীক কঢ়িয়াই নিয়া পৱনহংস হেলিকপ্টাৰ ধবংসপ্ৰাপ্ত হৈছিল।

২০১৮ চনৰ ১৩ জানুৱাৰীত অ’এনজিচিৰ সাতজন শীৰ্ষ বিষয়া কঢ়িয়াই নিয়া পৱনহংস ধবংস হৈছিল আৰব সাগৰত। ২০১১ চনৰ ১৯ এপ্ৰিলত গুৱাহাটীৰ পৰা টাৱাং অভিমুখী পৱনহংসত অগ্নি কাণ্ডৰ বাবে ১৭ যাত্ৰীৰ মৃত্যু হৈছিল। ২০১০ চনত ১৬ ডিচেম্বৰতো পৱনহংস দুৰ্ঘটনাগ্ৰস্ত হৈছিল চণ্ডীগড় বিমান বন্দৰত। ২০০৪ চনৰ ২২ ছেপ্টেম্বৰত মেঘালয়ৰ গ্ৰামোন্নয়ন মন্ত্ৰী ছাইপ্ৰিয়ান চাংমাসহ দুজন বিধায়ক আৰু বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ অপমৃত্যু হৈছিল শ্বিলঙত পৱনহংসৰ দুৰ্ঘটনাৰ বাবে।

এনেকৈয়ে পৱনহংসই বহু শীৰ্ষ ব্যক্তিৰ প্ৰাণ কাঢ়ি নিয়াৰ বাবে সময়ে সময়ে বিভিন্ন ৰাজ্যত পৱনহংসৰ উৰন নিষিদ্ধ কৰা হৈছিল। তেনেস্থলত মুখ্যমন্ত্ৰী সোণোৱালক কালি পৱনহংস ব্যৱহাৰ কৰিবলৈ দিয়া কাৰ্যৰ আঁৰত দিছপুৰৰ ৰাজনৈতিক শক্তিৰ হাত থকা বুলি অভিযোগ উত্থাপিত হৈছে। লক্ষ্যণীয় বিষয় এয়ে যে যোৱা কিছুদিন ধৰি মুখ্যমন্ত্ৰী সোণোৱালৰ জীৱনলৈ ভাবুকি অহা বুলি চৰ্চিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহ, কাৰ্যালয় গৃহ আদি দুৱাৰ-খিৰিকীত বুলেটপ্ৰুফ গ্লাছ তথা অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰাটো ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here