Home উত্তৰ-পূব ম্যানমাৰত ধাৰাসাৰ বৰষুণ, বানৰ সৃষ্টি

ম্যানমাৰত ধাৰাসাৰ বৰষুণ, বানৰ সৃষ্টি

35
0

ৰেংগুনঃ বিগত প্ৰায় এটা পষেক ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে বিধ্বংসী বানৰ কবলত পৰিছে ম্যানমাৰ। দেশখনত নৈ-উপনৈসমূহ ফেনে-ফোটোকাৰে ওফন্দি উঠাত ম্যানমাৰৰ দক্ষিণ অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।

এতিয়ালৈকে বানত দেশখনত ১৭জন লোকৰ মৃত্যু হৈছে। বানৰ কবলত পৰা ৰাখিন আৰু চীন প্ৰদেশৰ হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ-বাৰী এৰি পেগোডাত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে।

বানে ইতিমধ্যে প্ৰদেশ দুখনৰ ৭০ হাজাৰৰো অধিক বাসগৃহৰ ক্ষতি কৰিছে। এতিয়াও প্ৰদেশখনত ধাৰাসাৰ বৰষুণ চলি আছে। ইতিমধ্যে ম্যানমাৰ চৰকাৰে ৰাখিন আৰু চীন প্ৰদেশত ৪৩২টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে।

আশ্ৰয় শিবিৰসমূহত লক্ষাধিক লোকে আশ্ৰয় গ্ৰহণ কৰিছে যদিও চৰকাৰে পৰ্যাপ্ত মাত্ৰাত খাদ্য আৰু পানীয় যোগান ধৰিব নোৱৰাৰ অভিযোগ উঠিছে। প্ৰতিবছৰে ম্যানমাৰত বান পৰিস্থিতিয়ে অধিক শোচনীয় ৰূপ ধাৰণ কৰি আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here