Home অসম শাৰদীয় বতৰতে পূজাৰ প্ৰাকমুহূৰ্ত তথা ৩ অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলনঃ কেবৰ বিৰুদ্ধে...

শাৰদীয় বতৰতে পূজাৰ প্ৰাকমুহূৰ্ত তথা ৩ অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলনঃ কেবৰ বিৰুদ্ধে ঐক্যবদ্ধ উত্তৰ-পূবৰ ২৫০ সংগঠনঃ গৃহ মন্ত্ৰী অমিত শ্বাহ-মন্ত্ৰী হিমন্তক নিন্দা

36
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অহা ৩ অক্টোবৰৰ পৰা উত্তৰ-পূব খিলঞ্জিয়া জনগোষ্ঠীসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ আন্দোলনত নামিব। এই জনগোষ্ঠীসমূহক প্ৰতিনিধিত্ব কৰিব ২৫০ টা সংগঠনে।

উল্লেখ্য যে নৰ্থ ইষ্ট ফ’ৰাম ফৰ ইণ্ডিজিনিয়াছ পিপুল শীৰ্ষক সংস্থাটোৱে কালি কেন্দ্ৰ আৰু বিজেপি শাসিত চৰকাৰসমূহক সকীয়াই দিয়ে। সংবাদ মাধ্যমৰ আগত সংস্থাৰ সাধাৰণ সম্পাদক ৰৱাৰ্ট খাৰজাৰিনে কয় যে উত্তৰ পূবৰ ৰাইজে কেতিয়াও কেব গ্ৰহণ নকৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কেব পুনৰ উত্থাপন কৰিব বুলি প্ৰদান কৰা বক্তব্য দুৰ্ভাগ্যজনক।

লগতে উত্তৰ পূবত হিন্দী ভাষা জাপি দিব খোজা কাৰ্য সহ্য কৰা নহ’ব। অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সংগঠনটোৱে সমালোচনা কৰিছে। নেডাৰ আহবায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে বৰাক উপত্যকাত কেব গৃহীত কৰিবলৈ মাজত দুই-তিনিমাহ সময় থকা বুলি বক্তব্য প্ৰদান কৰিছিল। এই কাৰ্য উত্তৰ-পূবৰ ৰাইজে নিৰৱে সমৰ্থন নকৰে বুলি সকীয়াই দিয়ে।

আনহাতে উত্তৰ-পূবৰ আটাইবোৰ ৰাজ্যৰ বিধানসভাই ৰাষ্ট্ৰসংঘই ইতিপূৰ্বে ঘোষণা কৰা খিলঞ্জীয়া মানুহৰ অধিকাৰ বিষয়ত সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে বুলি মন্তব্য দিয়ে। ৰাজ্যসমূহে এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰকো বাধ্য কৰাবলৈ আহবান জনাইছে।

ইতিমধ্যে উত্তৰ-পূব খিলঞ্জীয়া জনগোষ্ঠীয় ফৰামে ৯ আগষ্টত কেব বিৰোধীতাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ পিছতো যদি কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্তৰ-পূব কেব জাপি দি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ সৰ্ব কৰিব খোজে তেনেহ’লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here