Home Breaking গোলাঘাটৰ মৰঙীত আবকাৰীৰ চোৰাংচোৱা দলৰ বাহন দুৰ্ঘটনাত পতিতঃ পৰিকল্পিত হত্যাৰ সন্দেহঃ নিহত...

গোলাঘাটৰ মৰঙীত আবকাৰীৰ চোৰাংচোৱা দলৰ বাহন দুৰ্ঘটনাত পতিতঃ পৰিকল্পিত হত্যাৰ সন্দেহঃ নিহত ৩

58
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, গোলাঘাটঃ বুধবাৰে নিশা গোলাঘাটৰ মৰঙীৰ সাৰৰ গাঁৱৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে এজন লোকৰ চিকিৎসালয়ত মৃত্যু হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অন্য তিনিজন লোক বৰ্তমানে চিকিৎসাধীন হৈ আছে।

এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, সংঘৰ্ষৰ ফলত দাউ দাউকৈ মুহূৰ্ততে জ্বলি উঠে দুৰ্ঘটনাগ্ৰস্ত বাহন। প্ৰাপ্ত তথ্য অনুসৰি আবকাৰী চোৰাংচোৱা বিভাগৰ মুঠ ছয়জনীয়া বিষয়া-কৰ্মচাৰীৰ এটা দলে এ.এছ০১ডি.জে-০৮০১ নম্বৰৰ টাটা চুম’খনেৰে এক বিশেষ অভিযানত গোলাঘাট আৱৰ্ত ভৱনৰ পৰা গৈ থকা অৱস্থাত মৰঙীৰ সাৰৰ গাঁৱত বিপৰীত দিশৰ পৰা অহা এন.এল০৫জি-১০৪৯ নম্বৰৰ এখন ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা চুম’খনৰ ভিতৰতে আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শক চুমু মাইবংছা (ডিফু) আৰু আবকাৰী কনিষ্টবল ৰমেন বংজাং (গুৱাহাটী, বৰবাৰী) অগ্নিদগ্ধ হৈ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আবকাৰী চোৰাংচোৱা বিভাগৰ সহকাৰী পৰিদৰ্শক হৰেকৃষ্ণ কুমাৰ(গুৱাহাটী) আৰু টমু ইন্দ্ৰ আবকাৰী কনিষ্টবলজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও হৰেকৃষ্ণ কুমাৰৰ চিকিৎসালয়তে মৃত্যু হয়।

ইয়াৰে জহিদুৰ হক(ছিপাঝাৰ) আৰু কে. ৰাহুল সিং (শিলচৰ) নামৰ আবকাৰী কনিষ্টবল দুজনক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমানে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। আঘাতপ্ৰাপ্ত জহিদুৰ হক আৰু টমু ইন্দ্ৰই জানিবলৈ দিয়া মতে আবকাৰী আয়ুক্তৰ নিৰ্দেশমৰ্মে যোৰহাটত উপস্থিত হোৱাৰ পিছতেই কালি বিয়লি ভাগত গোলাঘাটত উপস্থিত হৈছিলহি। দলটোৱে গোলাঘাট আবকাৰী বিভাগৰ লগত কথা পাতি নিশাই গোপন অভিযানৰ কথা জনাইছিল আৰু গোলাঘাটৰ পৰা এটা আবকাৰী দলো বিচাৰিছিল।

কিন্তু তেওঁলোকে বিচৰা গোলাঘাটৰ আবকাৰী দলটো লগত নোলোৱাকৈ গুৱাহাটীৰ দলটো গোলাঘাট আৱৰ্ত ভৱনৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছিল। দলটো ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙীৰ সাৰৰ গাঁও পোৱা অৱস্থাতে ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষত হোৱাত তিনিজনে প্ৰাণ হেৰুৱাব লগা হয়।

ইফালে আবকাৰী চোৰাংচোৱা বিভাগৰ দলটো কি বিশেষ কামত গোলাঘাটলৈ আহিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এক সূত্ৰৰ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা অবৈধভাৱে সৰবৰাহ হৈ অহা অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ’ল আবকাৰী চোৰাংচোৱা বিভাগৰ দলটো।

কিয়নো এই সংঘৰ্ষত টাটা চুম’খন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে ডাম্পাৰখনৰ বিশেষ একো ক্ষতি হোৱাৰ পৰিলক্ষিত নহ’ল। ঘটনা সংঘটিত কৰি ডাম্পাৰখনৰ চালক-হেণ্ডিমেন পলায়ন কৰে। ইফালে গোলাঘাটৰ আবকাৰী দলক সাজু হৈ থাকিবলৈ কোৱাৰ পিছত কিয় একো নজনোৱাকৈ চোৰাংচোৱা দলটো ওলাই গৈছিল সেয়াও ৰহস্যৰ আৱৰ্তত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here