Home Breaking মন্দিৰত নিষিদ্ধ বলি-বিধানঃ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা

মন্দিৰত নিষিদ্ধ বলি-বিধানঃ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা

80
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ আগন্তুক দুৰ্গাপূজাৰ সময়ত মঠ-মন্দিৰত একাংশই জীৱ-জন্তুৰ বলি-বিধানৰ জৰিয়তে পূজা-অৰ্চনা কৰে। অন্য সময়তো কেতবোৰ মন্দিৰত বলি-বিধান দিয়া হয়। হিন্দু ধৰ্মৰ শাক্ত পন্থীয়ে বলি-বিধানত বিশ্বাস কৰে। কিন্তু এতিয়াৰ পৰা ত্ৰিপুৰাত
কোনো মন্দিৰতে জীৱ-জন্তু, পশু-পক্ষীৰ আদিৰ বলি-বিধান দিব নোৱাৰিব।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মুখ্য ন্যায়াধীশ সঞ্জয় কেৰল আৰু ন্যায়াধীশ অৰিন্দম লোধাৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে এই নিৰ্দেশনা দিয়ে। ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল সুভাষ ভট্টাচায্যই। তেওঁ হ’ল ত্ৰিপুৰা জিলা আৰু সত্ৰ আদালতৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ।

ভট্টাচায্যৰ যুক্তি হ’ল এয়ে যে এসময়ত মন্দিৰ সমূহত নৰ বলি দিয়া হৈছিল। এতিয়া যুগৰ পৰিৱৰ্তন হ’ল আৰু নৰ বলি বন্ধ হ’ল। একেদৰে বৰ্তমান মন্দিৰসমূহত পশু-পক্ষীৰ বলি দিয়া কাৰ্য চলি আছে। যদিহে নৰ বলি বন্ধ কৰিব পাৰি তেতিয়া মন্দিৰত পশু-পক্ষীৰ বলি বিধানো বন্ধ হ’ব লাগে।

সেয়েহে উচ্চ ন্যায়ালয়ে ত্ৰিপুৰা চৰকাৰৰ লগতে সকলোবোৰ জিলা আৰক্ষী অধীক্ষকে নিজ নিজ এলেকাৰ মন্দিৰসমূহত যাতে জীৱ-জন্তু বলি-বিধান নহয় তাৰ প্ৰতি নজৰ দিবলৈ নিৰ্দেশ দিছে। অৱশ্যে ৰাজ্যখনৰ মহাধিবক্তা অৰুণ কান্তি ভৌমিকে কয় যে এই বিষয়ে মুখ্যমন্ত্ৰীক বিপ্লৱ কুমাৰ দেৱৰ সৈতে তেওঁ আলোচনা কৰিব। চৰকাৰে যদিহে ন্যায়ালয়ৰ নিৰ্দেশ গ্ৰাহ্য কৰিব নোখোজে তেনেহ’লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পথ খোলা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here