Home অসম দিছপুৰীয়া চৰকাৰৰ ভৱিষ্যবাণী কৰিলে বিৰোধী দলপতিয়েঃ দলৰ আভ্যন্তৰীণ কন্দল পাহৰিলে দেবব্ৰতে, হিন্দু-বঙালীৰ...

দিছপুৰীয়া চৰকাৰৰ ভৱিষ্যবাণী কৰিলে বিৰোধী দলপতিয়েঃ দলৰ আভ্যন্তৰীণ কন্দল পাহৰিলে দেবব্ৰতে, হিন্দু-বঙালীৰ দ্বাৰা দিছপুৰত হেঁচা দিয়াৰ কৌশল

64
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ নিজ দলৰ বিধবস্ত আৰু আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হোৱাৰ কথা ৰাইজক পাহৰাই ৰাখিবলৈ কংগ্ৰেছৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দিছপুৰৰ বিজেপি চৰকাৰখনৰ প্ৰতি অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হ’ল। তেওঁ আনকি দিছপুৰীয়া চৰকাৰৰ মুখ্যমন্ত্ৰী কোন হ’ব আৰু কিয় হ’ব সেই বিষয়ে সংবাদ মাধ্যমত বক্তব্য প্ৰদান কৰে। বিৰোধী দলপতি দেৱব্ৰতৰ বক্তব্যৰ সাৰমৰ্ম এয়ে যে অসমত অচিৰেই সলনি হ’ব মুখ্যমন্ত্ৰী।

বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী সভাৰ দ্বিতীয় স্থানত আছে হিমন্ত বিশ্ব শৰ্মা। এই হিমন্ত বিশ্বৰ সৈতে হিন্দু-বঙালী সংগঠনৰ ঘনিষ্ঠতা আছে। যিহেতু কেন্দ্ৰই অসমত কেব জাপি দিব সেয়েহে সৰ্বানন্দই কেবৰ সমৰ্থনত বক্তব্য ৰখাৰ সম্ভাৱনা নাই। যাৰ বাবে হিন্দু-বঙালী সংগঠনৰ জৰিয়তে তীব্ৰ হেঁচা আৰোপ কৰি সৰ্বানন্দৰ স্থানত হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী পাতিব বিজেপি দলে। দেৱব্ৰত শইকীয়া সোঁৱৰাই দিয়ে যে কংগ্ৰেছৰ আমোলত মুখ্যমন্ত্ৰী হ’বলৈ হিমন্ত বিশ্বই একেধৰণৰ কৌশল লৈছিল। কিন্তু তেওঁ সফল নহ’ল।

বিজেপিত লৈছে একেই কৌশল। এইবাৰ হিমন্ত বিশ্বই মুখ্যমন্ত্ৰীৰ চকীত বহিবলৈ সকলো শক্তি প্ৰয়োগ কৰিব বুলি ইংগিত দিয়ে। এনেকৈয়ে নিজৰ দলৰ আভ্যন্তৰীণ কন্দল আৰু নিতৌ দল ত্যাগ কৰা কাৰ্যৰ বিষয়ে মাত নমতা দেৱব্ৰতে বিজেপি দলৰ বাবে কিয় চিন্তিত হৈছে তাক লৈ বিভিন্ন মহলে আলোচনা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here