Home Breaking মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি বিক্ষোভ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি বিক্ষোভ

51
0

দৈনন্দিন বাৰ্তাৰ, ডিজিটেল সেৱাঃ ৰাজ্যত নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু পেট্ৰলিয়াম জাতীয় সামগ্ৰীৰ ভয়াবহভাৱে মূল্য বৃদ্ধি পোৱাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিয়ে কালি তেজপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তেজপুৰ চহৰৰ মাজ মজিয়াত অৱস্থিত আদালত চাৰিআলিত দিনৰ ১১ বজাৰ পৰা চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লোগানেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিয়ে পৰিৱেশ উত্তাল কৰি তোলে।

কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি চিত্ৰ গগৈয়ে এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়- নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু পেট্ৰলিয়াম জাতীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে আৰু ৰাজ্য চৰকাৰে এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

আৱকাৰী শুল্ক আৰু ভেট বৃদ্ধিৰ ফলত পেট্ৰল- ডিজেলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ভয়াবহভাৱে মূল্য বৃদ্ধি পোৱাৰ পাছতো ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ গা লৰা নাই। বৰ্তমান সময়ত পিয়াজৰ প্ৰতি কেজিৰ মূল্য ৭০ টকা, আলুৰ খুচুৰা মূল্য প্ৰতি কেজিত ২৫-৩০ টকা, বিলাহী ৮০-১০০ টকা, নহৰু ১৬০-১৮০ টকা, জলকীয়া ২০০-২২০ টকা, মিঠাতেল ১১০-১২০ টকালৈকে বৃদ্ধি পাইছে। নেতাগৰাকীয়ে লগতে কয়, পেট্ৰলিয়াম জাতীয় সামগ্ৰীৰ ক্ষেত্ৰতো আৱকাৰী শুল্ক আৰু ভেটৰ বাবে আকাশলংঘী মূল্য বৃদ্ধি হৈছে।

তদুপৰি আজিৰ তাৰিখত পেট্ৰলৰ প্ৰকৃত মূল্য ৩৭.৪৮ টকা হোৱাৰ বিপৰীতে অত্যাধিক আৱকাৰী শুল্ক আৰু ভেট আৰোপৰ বাবেই বৰ্তমান সময়ত ইয়াৰ খুচুৰা বিক্ৰীৰ মূল্য প্ৰতি লিটাৰত ৭৬.৩৮ টকালৈ বৃদ্ধি হোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। একেদৰে ডিজেলৰ প্ৰকৃত মূল্য প্ৰতি লিটাৰত ৪০.৯৭ টকা হোৱাৰ বিপৰীতে আৱকাৰী শুল্ক আৰু ভেটৰ বাবে ইয়াৰ মূল্য প্ৰতি লিটাৰত ৭০.২১ টকালৈ বৃদ্ধি পাইছে।

কৃষক মুূক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি শোণিতপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত অতি শীঘ্ৰে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু পেট্ৰল জাতীয় সামগ্ৰীৰ মূল্য, পেট্ৰল আৰু ডিজেলত আৰোপ কৰা আৱকাৰী শুল্ক আৰু ভেট হ্ৰাস কৰাৰ দাবী জনাইছে। ইয়াৰোপৰি অতি সোনকালে প্ৰতিবিধ খাদ্য সামগ্ৰীৰ সৰ্বোচ্চ খুচুৰা মূল্য নিৰ্ধাৰণ কৰাৰ লগতে ক’লা বেপাৰী, অবৈধ মজুতকাৰী আৰু অতি মাত্ৰা লাভ খোৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তী প্ৰদানৰ দাবী জনাইছে।
.

LEAVE A REPLY

Please enter your comment!
Please enter your name here