Home অসম পৰৱৰ্তী শৈক্ষিক বৰ্ষৰ পৰা মাধ্যমিক পৰ্যায়ত অন্তৰ্ভুক্ত বাণিজ্য বিষয়

পৰৱৰ্তী শৈক্ষিক বৰ্ষৰ পৰা মাধ্যমিক পৰ্যায়ত অন্তৰ্ভুক্ত বাণিজ্য বিষয়

30
0

দৈনন্দিন বাৰ্তা, ডিজটেল সেৱাঃ অসমত গুণগত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে অহা শিক্ষাবৰ্ষৰ পৰা বাণিজ্য বিষয়ক ঐচ্চিক বিষয় হিচাপে মাধ্যমিক পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি অসম মাধ্যমিক শিক্ষা সংসদৰ উদ্যোগত গৌহাটী বাণিজ্য মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত এই কথা ঘোষণা কৰাৰ লগতে ‘An Introduction to Commerce’ নামৰ পাঠ্যপুথিখন আনুষ্ঠানিকভাবে উন্মোচন কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

পাঠ্যপুথি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই মাধ্যমিক পৰ্যায়ত বাণিজ্য বিষয়ক অন্তৰ্ভুক্ত কৰাৰ বাবে মাধ্যমিক শিক্ষা সংসদে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু কয় যে এই ব্যৱস্থাই বাণিজ্য বিষয়ত উচ্চ শিক্ষাৰ বাবে আগ্ৰহীসকলক উপকৃত কৰিব। নিজ নিজ বিদ্যালয়ত বাণিজ্য বিষয় অন্তৰ্ভুক্ত কৰাৰ বাবে পূৰ্বৰ চৰকাৰী অনুমতি ব্যৱস্থা শিথিল কৰা হৈছে বুলিও শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই জানিবলৈ দিয়ে। তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰ পৰা শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে পাৰ্যমানে প্ৰচেষ্টা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি ভট্টাচাৰ্যই কয় যে কেৱল চৰকাৰে নহয় শিক্ষানুষ্ঠানসমূহ, ইয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ প্ৰচেষ্টাতহে সমগ্ৰ ব্যৱস্থাটো নতুন আৰু উজ্জীৱিত ৰূপত সজাই তোলাটো সম্ভৱ হ’ব। আনহাতে শৈশৱৰে পৰা শিশুসকলৰ বৌদ্ধিক উত্তৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনৰ কথা দোহাৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে তেখেতৰ অধীনত থকা স্মাৰ্ট চিটী বিভাগৰ দ্বাৰা প্ৰথম পৰ্যায়ত গুৱাহাটীৰ বিদ্যালয়সমূহত স্মাৰ্ট শ্ৰেণী কোঠাৰ ব্যৱস্থা কৰা হ’ব।

ইফালে আজি উন্মোচন কৰা বাণিজ্য বিষয়ৰ পাঠ্যপুথিখনৰ উচ্চ প্ৰশংসা কৰি ইয়াৰ প্ৰকাশৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিকে তেওঁ অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ডঃ মিহিৰ কান্তি চৌধুৰীয়ে বাণিজ্য বিষয়ক ঐচ্চিক বিষয় হিচাবে মাধ্যমিক পৰ্যায়ত অন্তৰ্ভুক্তকৰণ চৰকাৰৰ নতুন শিক্ষানীতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে। নতুন শিক্ষানীতিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়তে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস, কৌশলগত শিক্ষা প্ৰদান আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি উপদেষ্টাগৰাকীয়ে জানিবলৈ দিয়ে।

অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে পৰিষদে শেহতীয়াকৈ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে জানিবলৈ দিয়ে। আনহাতে বিদ্যালয়সমূহত বাণিজ্য বিষয়ৰ শিক্ষকৰ অভাৱ পূৰণৰ বাবে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰি জৈনে কয় যে সদ্যহতে এই অভাৱ পূৰণৰ বাবে বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে অহা ১৮ নৱেম্বৰৰ পৰা ৫ দিনীয়া বাণিজ্য বিষয়ৰ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। কালিৰ অনুষ্ঠানত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বুঢ়াগোঁহাই, মাধ্যমিক শিক্ষা পৰিষদৰ সচিব সুৰঞ্জনা সেনাপতি, গৌহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষাবিদ, অধ্যাপক, অসমৰ বিভিন্ন বিদ্যালয়ৰ অধ্যাপকসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here