Home অসম বিশ্ব পৰ্যটন দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্ৰীঃ ৰাস উৎসৱৰ ল’গ’,‘আমাৰ আলহী’ নামৰ পৰ্যটনৰ...

বিশ্ব পৰ্যটন দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্ৰীঃ ৰাস উৎসৱৰ ল’গ’,‘আমাৰ আলহী’ নামৰ পৰ্যটনৰ বিশেষ আঁচনি উদ্বোধন

28
0
Chief Minister Sarbananda Sonowal unveiling logo designed for Raas popularising Raas festival across the globe on the occasion World Tourism Day at at Sankardeva Kalakshetra in Guwahati

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ পৰ্যটন বিভাগৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ‘আমাৰ আলহী’ নামৰ এখন আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে মাজুলী, নলবাৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ বাবে এক লগ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ বাবে এইটো অতি সৌভাগ্যৰ বিষয় যে এই বছৰ ভাৰতে এই বিশ্ব পৰ্যটন দিৱসৰ হোষ্ট কাউণ্ট্ৰি হিচাপে বিশ্ব পৰ্যটন দিৱস পালন কৰিছে।

তেওঁ লগতে কয় যে এই বছৰৰ বিশ্ব পৰ্যটন দিৱসৰ মূল বিষয়বস্তু হ’ল ‘টুৰিজিম এণ্ড জবচ, এ বেটাৰ ফিউচাৰ ফৰ অল।’ অৰ্থাৎ পৰ্যটনৰ জৰিয়তে সমগ্ৰ বিশ্বই আজি অধিক সংখ্যক জনসাধাৰণক নিয়োজিত কৰি আৰ্থিকভাৱে অধিক লাভান্বিত হোৱাৰ কৌশল ৰচনা কৰিছে। এইক্ষেত্ৰত আমিও পিছ পৰি থাকিলে নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ পৰ্যটন ক্ষেত্ৰত থকা শক্তি আৰু সম্বাৱনাক বিকশাই তুলি আগন্তুক দিনত এই খণ্ডত অধিক লোক যাতে সংস্থাপিত হ’ব পাৰে আৰু বিশ্বৰ বুকুত অসমক আকৰ্ষণীয় পৰ্যটনৰ থলী হিচাপে গঢ়ি তুলিব পৰা যায় সেই লক্ষ্যৰে দৃঢ়তাৰে আমি নিয়োজিত হ’ব লাগিব।

অসম প্ৰাকৃতিক, সাংস্কৃতিক, আধ্যাত্মিক দিশত অতিশয় শক্তিসালী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই স্বৰ্গভূমিক বিশ্বৰ পৰ্যটকৰ মাজত শক্তিশালী ৰূপত দাঙি ধৰিব লাগিলে আমাৰ দক্ষতা বিকশাই তোলাৰ উপৰি সুদৃঢ় পৰিকল্পনাৰে আগুৱাই যাব লাগিব। আমাৰ উপৰি পুৰুষে দিয়া সম্পদসমূহ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰি অধিক সংখ্যক পৰ্যটকক আকৰ্ষণ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

ৰাজ্যখনলৈ কেৱল মাত্ৰ শীত আৰু হেমন্তৰ সময়ছোৱাত পৰ্যটকৰ অধিক আগমনৰ লগতে মনচুন পৰ্যটন বিকশাই তোলাৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰা ডিজিটেল প্ৰচাৰ, আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰিয়ংকা চোপ্ৰাৰ দৰে প্ৰখ্যাত অভিনেত্ৰীক ‘ওচাম আসাম’ৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে বিশ্ব পৰ্যায়ত প্ৰচাৰ অভিযান ইত্যাদি কাৰ্যসূচীসমূহ গ্ৰহণ কৰাৰ বাবে বৰ্তমান দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত টুৰ অপাৰেটৰসকলে বিশিষ্ট ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ‘এক্ট ইষ্ট পলিচি’ৰ জৰিয়তে আছিয়ান দেশসমূহৰ সৈতে যি সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াস চলোৱা হৈছে এই সম্ভাৱনীয়তা পৰ্যটন খণ্ডৰ জৰিয়তে ৰাজ্যখনে লাভ কৰাৰ বাবে সকলোৱে মিলিত প্ৰচেষ্টা চলাব লাগিব। পৰ্যটন বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, উপাধ্যক্ষ নৱদ্বীপ কলিতাইও পৰ্যটনৰ বিকাশৰ দিশত গ্ৰহণ কৰা বিভিন্ন কাৰ্য ব্যৱস্থা সামৰি বক্তব্য আগবঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here