Home Breaking কাশ্মীৰত পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত পাক সন্ত্ৰাসবাদী নিহত

60
0

শ্ৰীনগৰঃ সংঘৰ্ষ বিধ্বস্ত কাশ্মীৰত পুনৰ নিহত হ’ল দুজনকৈ পাকিস্তানী সন্ত্ৰাসবাদী। উপত্যকাটোৰ পুলৱামাত সেনাৰে হোৱা সংঘৰ্ষত দুজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয়। এই ঘটনাত এজন সেনা জোৱানো আহত হয়।

আজি দুপৰীয়া হন্দুৱাৰা অঞ্চলত পাক সন্ত্ৰাসবাদী এটা দলে আশ্ৰয় গ্ৰহণ কৰাৰ খবৰ পোৱাৰ পিছত নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দলে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীৰে আক্ৰমণ চলায়।

প্ৰায় ছঘণ্টা ধৰি চলা সংঘৰ্ষৰ অন্তত দুজন পাক সন্ত্ৰাসবাদী নিহত হয়। নিহত পাকিস্তানী সন্ত্ৰাসবাদী দুজন লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বুলি চিনাক্ত কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here