Home মুখ্য পৃষ্ঠা পুনৰ হাৱাইৰ দ্বীপত আগ্নেয়গিৰিৰ উদ্গীৰণঃ আকাশ ছানিছে ক’লা ধোঁৱাই, লাভাই ঢাকিছে বিস্তীৰ্ণ...

পুনৰ হাৱাইৰ দ্বীপত আগ্নেয়গিৰিৰ উদ্গীৰণঃ আকাশ ছানিছে ক’লা ধোঁৱাই, লাভাই ঢাকিছে বিস্তীৰ্ণ অঞ্চল

60
0

পাহোৱাঃ হাৱাই দ্বীপত এতিয়া চলিছে কিলাওৱেৰ তাণ্ডব। হাৱাইৰ সৰ্ববৃহৎ দ্বীপটোত থকা কিলাওৱে আগ্নেয়গিৰি পৰহিৰে পৰা ভয়ংকৰ ৰূপত উদিগৰণ হ’বলৈ ধৰাত চৌপাশে এতিয়া আতংক বিয়পি পৰিছে।

আগ্নেয়গিৰিটোৰ কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলে প্ৰাণৰ মমতাত নিৰাপদ স্থানলৈ পলায়ন কৰিছে। দীৰ্ঘদিনৰ অন্তত উদিগৰণ ঘটা কিলাওৱেৰ পৰা নিৰ্গত লাভাই দ্বীপটোৰ বিস্তীৰ্ণ কৃষিভূমিৰ লগতে বাসগৃহ ঢাকি পেলাইছে। এতিয়ালৈকে আগ্নেয়গিৰিৰ উদিগৰণৰ ফলত আঠজন লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে বুলি হাৱাই দ্বীপৰ প্ৰশাসনৰ সৈতে জড়িত এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে।

বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আগ্নেয়গিৰিৰ উদিগৰণৰ ফলত আজি দ্বীপটোত ৬.৯ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প হয়। ভূমিকম্পৰ ফলত দ্বীপটোত থকা বহু বাসভৱন ধ্বংসস্তুপত পৰিণত হয়। অৱশ্যে ঘৰসমূহৰ পৰা লোকসকলে ইতিমধ্যে পলায়ন কৰাৰ বাবে কোনো লোকৰ মৃত্যু ঘটা নাই। ইপিনে আগ্নেয়গিৰিৰ পৰা ওলোৱা ধোঁৱা-ছাঁইয়ে সম্পূৰ্ণ হাৱাই দ্বীপৰ আকাশ ছানি পেলাইছে। ফলত বহু লোক শ্বাস কষ্টত ভুগিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here