Home মুখ্য পৃষ্ঠা দিল্লীত প্ৰতিদিনে দুৰ্ঘটনাত মৃত্যু ঘটে আঠজনকৈ লোকৰ

দিল্লীত প্ৰতিদিনে দুৰ্ঘটনাত মৃত্যু ঘটে আঠজনকৈ লোকৰ

48
0

নতুন দিল্লীঃ দুৰ্ঘটনাৰ নগৰীত পৰিণত হৈছে দিল্লী। দেশৰ ৰাজধানী দিল্লীত প্ৰতি বছৰে বহু যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ বিষয়টোৱে তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি কৰি থকাৰ মাজতে দেশৰ এটা আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে দিল্লীত বহুতে অকাল মৃত্যুক সাৱটি লোৱাৰ কেতবোৰ কাৰণ নিৰ্ধাৰণ কৰি উলিয়াইছে।

সংবাদ প্ৰতিষ্ঠানটোৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পোৱা মতে প্ৰতি বছৰে দিল্লীত ৩২ শতাংশ যুৱকে অকাল মৃত্যুক সাৱটি ল’ব লগীয়া হয়। যুৱ প্ৰজন্মৰ এক বৃহৎ অংশ এনেদৰে সময়তকৈ পূৰ্বেই পৃথিৱীৰ পৰা মেলানি মগাৰ কাৰণ হিচাপে সমীক্ষাটোত তিনিটা প্ৰধান কাৰণ নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰে প্ৰথমটো হ’ল– মটৰচাইকেলৰ অবাধ প্ৰচলন, দ্বিতীয়তে ড্ৰাগছ সেৱন, তৃতীয়তে মানসিক চাপ। মদ্যপান কৰি মটৰচাইকেল চলোৱাৰ ফলত সংঘটিত দুৰ্ঘটনাত দিল্লীত নিতৌ গড়ে আঠজনকৈ যুৱকৰ মৃত্যু ঘটে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here