Home মুখ্য পৃষ্ঠা ভয়াৱহ হাৰত বৃদ্ধি পাই গৈছে ভাৰতৰ জনসংখ্যা

ভয়াৱহ হাৰত বৃদ্ধি পাই গৈছে ভাৰতৰ জনসংখ্যা

50
0

ৰাষ্ট্ৰসংঘঃ আৰু মাত্ৰ কেইটামান বছৰৰ পিছতেই সাম্প্ৰতিক বিশ্বৰ সৰ্বাধিক জনবহুল ৰাষ্ট্ৰ চীনক চেৰ পেলাই ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি জনসংখ্যাৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব। আজি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক প্ৰতিবেদনত এই তথ্য পোহৰ লৈ আহিছে।

ৰাষ্ট্ৰসংঘই শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনৰ ভিতৰত চীনক চেৰ পেলাই ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হ’ব। প্ৰতিবেদনত উল্লেখ কৰা মতে ভাৰতৰ জনসংখ্যা ১.৩১১ বিলিয়ন হোৱাৰ বিপৰীতে চীনৰ জনসংখ্যা ১.৩৭৬ বিলিয়ন হৈছে। বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশ চীনৰ জনসংখ্যাতকৈ ভাৰতৰ জনসংখ্যা মাত্ৰ ৬৫ নিযুতহে কম।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা সমীক্ষাত ২০২০ চনত ভাৰতৰ জনসংখ্যা ১.৩৫ বিলিয়ন হ’ব বুলি কোৱা হৈছিল। ২০২০ চনত ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি চীনৰ জনসংখ্যা হ’বগৈ ১.৪৩ বিলিয়ন। উল্লেখনীয়ভাৱে ২০২৮ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা চীনৰ জনসংখ্যাতকৈ ভালেখিনি বৃদ্ধি পাব। সেই সময়ছোৱাত ভাৰতৰ জনসংখ্যা ১.৪৫৪ বিলিয়ন হোৱাৰ বিপৰীতে চীনৰ জনসংখ্যা হ’বগৈ প্ৰায় ১.৪৫৩ বিলিয়ন।

বৰ্তমান ভাৰতৰ জনবসতিৰ ঘনত্ব চীনতকৈ ভালেখিনি বেছি। চীনৰ প্ৰতি বৰ্গ কিলোমিটাৰ অঞ্চলত ১৪১জন লোকে বাস কৰাৰ বিপৰীতে ভাৰতৰ প্ৰতি বৰ্গ কিলোমটাৰ বৰ্গঅঞ্চলত বাস কৰা লোকৰ সংখ্যা হ’ল ৩৮২জন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here