Home অসম বাৰ্তাৰ অতিথিৰ কলমঃ আমাৰ কৰ্ম আৰু প্ৰকাশিত এন আৰ চি প্ৰসংগ

বাৰ্তাৰ অতিথিৰ কলমঃ আমাৰ কৰ্ম আৰু প্ৰকাশিত এন আৰ চি প্ৰসংগ

40
0

ৰামচন্দ্ৰ চুতীয়া-

সমীয়া মানুহে দেশখনৰ আনবোৰ জাতিৰ দৰেই নিজকে কৰ্মদক্ষ, কৰ্তব্যপৰায়াণ আৰু শান্ত-শিষ্ট বুলি কৈ গৌৰৱ অনুভৱ কৰে। ই নিশ্চয়কৈ আনন্দৰ বিষয়। কিন্তু আজি চল্লিছ বছৰমান ধৰি আমি কেৱল আন্দোলন কৰিহে অধিক সময় খৰচ কৰিছোঁ। কিছুমান সংগঠনে আন্দোলনৰ নামত কেৱল আন্দোলনকে কৰি থাকে বুলিও আমাৰ মানুহে কোৱাকুই কৰে। ভাৰতৰ আন ৰাজ্যৰ মানুহেতো কয়েই।

অৰুণাচলৰ পূব ছিয়াঙত দহ বছৰকাল থকাৰ সময়ত তাৰ মানুহে অসমীয়া মানুহক কোৱাই শুনিছিলোঁ, ‘আপোনালোকৰ ঘৰত পতি-পত্নীৰ কাজিয়া হ’লেও অসম বন্ধ দিয়ে’। সেই কথাষাৰৰ আমি প্ৰতিবাদ কৰি সময় খৰচ কৰাৰ কোনো কাৰণ দেখা নাপইছিলোঁ। তাৰ কাৰণ, সেই সময়ত আমাৰ অসমত ইমান সঘনাই মহকুমা বন্ধ, জিলা বন্ধ অথবা অসম বন্ধ হৈছিল যে তাৰ ফলত নিজৰ মানুহৰ উপৰি অৰুণাচলৰ জনসাধাৰণৰ ভয়ংকৰ অসুবিধা হৈছিল। তেওঁলোকে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ অসমৰ মাজেদি নগ’লেই নহয়।

ভৌগলিক অৱস্থান আৰু প্ৰাকৃতিক বাধাই অৰুণাচলক বহুত সময়ত যোগাযোগৰ ক্ষেত্ৰত নানান অসুবিধা দি আহিছে। তেওঁলোকে অতিসম্প্ৰতি নিজৰ ৰাজ্যখনৰ ভিতৰেদিয়েই যোগাযোগৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে যদিও দুৰ্লঘ্য পৰ্বত-পাহাৰৰ বাবে সেই কামত সফলতা লাভ কৰিব পৰা নাই। তেওঁলোকে কেনেবাকৈ ভিতৰে ভিতৰে পথ নিৰ্মাণ সম্পূৰ্ণ কৰি ল’ব পাৰিলেও, টিৰাপৰ খুনচাৰ পৰা বমদিলালৈ যাবলৈ হ’লে অসমৰ মাজেদিয়ে যাব লাগিব। তাকে নকৰিলে পাহাৰে পাহাৰে বগালে, অজস্ৰ কেকুৰী ঘূৰিলে, এদিনৰ পথটো অতিক্ৰম কৰিবলৈ কমেও পাঁচদিনমান সময় লাগিব। আজিৰ দিনত তেনে ওলোটা কাম কোনেও কৰিবলৈ ভাল নাপাব। তাতে যাত্ৰাৰ লগত ধনৰ কথাটোও সদায় জড়িত হৈ থাকে।

সমস্যা কাৰনো নাথাকে। সকলোৰে থাকে। তাকে যেনিবা আলোপ-আলোচনাৰ মাজেদি সমাধান কৰি ল’ব পাৰি। শত্ৰুৱেও যুদ্ধ ভূমিত আলাপ-আলোচনাৰ মাজেদি জটিল সমস্যাৰ সমাধান কৰা দেখা যায়। এনে পৰম্পৰা দূৰ অতীতৰ পৰাই মানৱ সমাজত আছে। পৰিয়াল চলাবলৈ পৰিয়ালবোৰত আমি সকলোৱে সেইটো কাম সদায়ে কৰি লওঁ। তেনেহ’লে জনসাধাৰণৰ সমস্যাবোৰ আমাৰ জনপ্ৰতিনিধিৰে গঠিত চৰকাৰে সমাধান কৰি দিব নোৱাৰাৰ কোনো কাৰণেই নাই। আমি যাক জনপ্ৰতিনিধি বুলি কওঁ, সেই কামৰ বাবে নিৰ্বাচিত কৰোঁ, তেওঁলোকৰ পৰা নিৰ্মোহ-নিৰপেক্ষ আৰু জনহিতকৰ কামৰ আশা কৰিব পাৰোঁ।

যিসকল জনপ্ৰতিনিধিয়ে তেনে কাম নকৰে, তেওঁলোক প্ৰকৃতাৰ্থত সমাজ হিতৈষী নেতা নহয়। আমাৰ দেশত জেইলৰ পৰা নিৰ্বাচিত হৈ অহা মানুহবোৰ, নিৰ্বাচিত হোৱাৰ অধিকাৰটো থকালৈকে বোধহয় দেশ চলোৱাত হৃদয়ৱান মানুহৰ অভাৱ থাকিবই। সেই কথাবোৰ আমাৰ বিধানসভাবোৰত আৰু সংসদত আলোচনা কৰি নিৰ্বাচিত প্ৰতিনিধিসকলে কিবা এটা পথ উলিয়াই ল’লে দেশৰ জনগণৰ নিশ্চয় মংগল হ’ব। দেশ স্বাধীন হোৱাৰ অতবছৰৰ পাছতো সেই কামটো কিয় কৰা হোৱা নাই, সেই কথা জনসাধাৰণে কেতিয়াও বুজি নাপায়। গতিকে যিসকলে বুজে, তেওঁলোকে জনসাধাৰণৰ স্বাৰ্থত, তাৰ কিবা এটা ব্যৱস্থা অনতিপলমে কৰিব লাগে।

কামৰ সমালোচনা হোৱাটো একো অস্বাভাবিক নহয়। কোটি কোটি মানুহৰ এই দেশখনৰ অজস্ৰ কোটি সমস্যাৰ সমাধান কেতিয়াও একে দিনাই সম্ভৱ নহ’ব। দেশখনৰ বিশালতালৈ চাই, ইয়াৰ সমস্যাৰ প্ৰকতিও সুকীয়া সুকীয়া ধৰণৰ। অসমত যেতিয়া মানুহে বানৰ কৱলত ককবকাই থাকে, সেই সময়ত দেশখনৰ সিংহভাগে পানীৰ অভাৱত ভয়ংকৰ বিপদৰ সম্মুখীন হৈ থাকে। সকলো ক্ষেত্ৰতে দেশখনৰ এনেধৰণৰ সমস্যাসমূহে দেশখনকে আমনি দি থাকে। সমস্যাৰ সমাধান কেতিয়াও এদিনতে নহয়।

কিন্তু সেই বুলি ৰাইজক মিথ্যাচাৰৰ আলমত দিনৰ পাছত দিন, বছৰৰ পাছত বছৰ প্ৰতাৰণা কৰি থকাৰ কাৰো কোনো অধিকাৰ নাই। যিবোৰ কাম ধনৰ অভাৱত কৰিব নোৱাৰি, যিহেতু আমাৰ দেশখন দৰিদ্ৰ দেশ, সেইবোৰ কথা জনসাধাৰণক বুজালে নুবুজাৰ প্ৰশ্নই নুঠে। কিন্তু তাকে নকৰি আমাৰ নেতাবোৰে মুখত যিহকে আহে তাকে কৈ, পানীৰে মিঠৈ সাজি ৰাইজক সৰ্বটিকাল আশ্বাস দি থাকে।

নৰেন্দ্ৰ মোডীয়ে প্ৰথম চাৰি বছৰতে অসমৰ বৃহৎ দলং দুখন সজাৰ কাম সম্পূৰ্ণ কৰাৰ কথা কৈ যি দৰে সদম্ভে ঘোষণা কৰিছিল, সেই কথাৰ গভীৰতা কিমান সেই কথা পেটুকণা এটাইও জানে, তেওঁৰ প্ৰথম পাঁচ বছৰীয়া কালত হ’ব লগা পাঁচখন দলঙৰ কামৰ এখনৰো আজিও কিন্তু আৰম্ভণিয়ে হোৱা নাই। এইবোৰ আলাউদ্দিনৰ চাকিৰ সহায়ত কৰা কাম নহয়, এনেবোৰ ডাঙৰ কাম হ’বলৈ দহ-পোন্ধৰ বছৰ সময় লাগেই!গতিকেই নিজৰ ক্ষমতাৰ জোৰত মুখত যি আহে তাকে কৈ নিজৰ গুণ গান গাব নাপায়। মিছা অহংকাৰ, অৰ্থহীন দম্ভালি কাৰো কামত নালাগে। দেশৰ নেতাসকলে সেইবোৰ কথা জনা উচিত। কথাই নহয় কামেহে দেশক আগলৈ নিয়ে।

আমাৰ দেশখন এখন দুখীয়া দেশ। ৰাজভঁৰালত যি দুই চাৰি টকা আছে তাকে চাই চিতি খৰচ কৰা উচিত। খৰচত হাত নধৰিলে ধন ভগন কৰি দেশখন আৰু অধিক দৰিদ্ৰ হ’ব। পাছত দৰকাৰী কামত ধন খৰচ কৰিবলৈও হাতত ধন নোহোৱা হ’ব। দেশৰ কাম কৰোঁতে, নিৰ্বাচনৰ সময় ছোৱা বাদ দি, সকলো দলে একেলগে কাম কৰা উচিত। আমাৰ দেশত আজিকালি সেইটো কাম কৰা নহয়। এটা দলে আনটো দলক শত্ৰুৰ দৰে জ্ঞান কৰে। সুখৰ দিনত বা দুখৰ দিনত, সকলো সময়তে পৰস্পৰক আক্ৰমণ কৰি জীয়াই থকাটোৱেই তেওঁলোকৰ ধৰ্ম হৈ পৰিছে। দেশৰ নেতাসকলে তেনেকৈ কাম কৰিলে দেশৰ উন্নতি হ’ব নোৱাৰে।

দেশৰ সংকটৰ বেলা সকলো একত্ৰ হৈ একেলগে থিয় নিদিলে, সমস্যা সমাধান কৰাটো সহজ নহ’ব। দেশখন কাৰো একচেতীয়া সম্পতি নহয়। ক্ষমতা দখলৰ পাছত দেশত কোনো একচ্ছত্ৰী সম্ৰাটৰ দৰে হ’ব নোৱাৰে। গণতন্ত্ৰত প্ৰথম আৰু প্ৰধান কাম ৰাইজ সেৱা। যি ৰাইজ সেৱাৰ পৰা বিচলিত হৈ আমোদ-প্ৰমোদৰ দিশত আগবাঢ়ে, তেনে মানুহে এদিন ৰাইজৰ ৰোষত পৰে আৰু ক্ষমতাৰ পৰা দূৰলৈ ছিটিকি পৰে। আমাৰ দেশখনে স্বাধীনতা লাভ কৰাৰ এশ বছৰ সম্পূৰ্ণ নহ’লেও ইয়াৰ জনসাধাৰণে ভোটাধিকাৰৰ মহত্ব কি তাক ভাল দৰে জানে।

দায়িত্বশীল মানুহে সমালোচনাৰে ভুলটো দেখুৱাই তাক শুদ্ধ কৰিবলৈ পৰামৰ্শ দান দিয়া প্ৰথাটো গণতন্ত্ৰত গ্ৰহণীয় বুলি বিবেচিত হৈ আহিছে। তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। যি ভাল পৰামৰ্শ গ্ৰহণ নকৰি নিজৰ মতে আগবাঢ়ি গৈ থাকে, তেওঁ এদিন নিজ তথা দেশৰ অপকাৰ কৰে। দেশ এখন চলাবলৈ যেনেকৈ ৰজাক মন্ত্ৰী, পাৰিষদ আৰু সৈন্য-সামন্ত লাগে, নিজক সুপথে আগলৈ নিবলৈও সৎ মানুহৰ দিহা-পৰামৰ্শ লাগে। তেনে কৰিলে কাৰো মান-সম্মান নাযায়, বাঢ়েহে।

বৰ্তমান আমাৰ এটা দস্ততৰ হৈছে জনাই-নজনাই কেৱল আনক সমালোচনা কৰা। আনক সমালোচনা নকৰিলে আমাৰ কাৰো সুখত দিন নোযোৱা হ’ল। প্ৰসঙ্গক্ৰমে কথা এষাৰ কওঁ। সদ্যহতে অসমত চূৰান্ত নাগৰিকপঞ্জীখন প্ৰকাশ কৰা হৈছে। সেইখন সম্পন্ন কৰোঁতে চৰকাৰী ৫৫,০০০ হেজাৰ কৰ্মচাৰীৰ ছবছৰ সময় লাগিল। কামটো হৈছিল, দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, দায়িত্বশীল বিষয়াৰ তত্ত্বাৱধানত। সেই জটিল আৰু বিশাল কামটো হৈ উঠাৰ পাছত তাত ৰৈ যোৱা ভুল-ত্ৰুটি শুধৰাবলৈ চাৰিমাহ সময় বান্ধি দিয়া হৈছে। এতিয়া সেই মতে খৰধৰকৈ অসমাপ্ত কামখিনি সমাপ্ত কৰিব লাগে। সকলোৱে প্ৰকৃত নাগৰিকৰ নাম বাদ পৰাসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে কাম কৰিব লাগে। কিন্তু সেই দিশলৈ এতিয়া জনসাধাৰণ, চৰকাৰ আৰু নেতাসকলৰ সমূলি মন-কাণ নাই।

তেওঁলোকে কৈছে, সেইখন ভুল। ভুল বুলি কোৱাসকলৰ হাতত এনে কি তথ্য আছে, যি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হোৱা কামটোকো তিলিকতে ভুল বুলি উৰুৱাই দিব পাৰে· ভিত্তি বছৰৰ কথাটো কামখিনি আৰম্ভ হৈ শেষ হোৱাৰ পাছত এতিয়া আলোচনা হোৱাৰ কি যুক্তি আছে· সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি ইতিমধ্যে ন্যায়ালয়ৰ কাষ চপা হৈছে, ন্যায়ালয়ে সেই বিষয়ে কিবা এষাৰ নিশ্চয় ক’ব।

বিদেশী কিমান লাখ হ’ব লাগিছিল, কিমান লাখ হ’ল, সেই কথাটো আমাৰ দৰে ঘটিৰাম-বাতিৰামে কোৱা কথাটোৰ ওজন ৫৫,০০০ চৰকাৰী কৰ্মচাৰীয়ে দিনে-নিশাই কৰা কামতকৈ বেছি নে ? ব্যক্তিগতভাৱে আমাৰ সেই বিষয়ত জ্ঞানেইবা কিমান!বহুতে কোৱা মতে ১৯ লাখৰ সংখ্যাটো তেনেই কম!এইটো এটা কম সংখ্যা নে· ইন্দিৰা গান্ধীৰ ভিত্তি বছৰ প্ৰথমে ১৯৭১ চনটোকে মানি লোৱা হ’লে, আজি এই কামটো কৰিবলৈ ইমান দিন ৰ’ব নালাগিল হেঁতেন। ছবছৰ আন্দোলন কৰিলোঁ, শ শক শ্বহীদ কৰিলোঁ, সাম্প্ৰদায়িক সংঘৰ্ষত হেজাৰ হেজাৰ মানুহ মাৰিলো, লক্ষ লক্ষ মানহৰ অশান্তি কৰিলোঁ, তাৰ পাছত, ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত, তেওঁৰ পূৰ্বৰ কথাটোকে, ১৯৭১ চনটোকে ভিত্তি বছৰ মানি লৈ দহ বছৰ ৰাজপাট খালোঁ। সেই দহ বছৰত কিন্তু এজনো বিদেশীৰ চিনাক্ত কৰা নহ’ল।

তেতিয়া আমি ক’ত শুই আছিলোঁ· শৰাই ঘাটৰ ৰণুৱাসকলে পৰম শান্তিৰে ৰাজ্যখন চলাই থাকিল। এতিয়া ৰাজ্যখনৰ বুদ্ধিজীৱীৰ একাংশই, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেইজনমান মন্ত্ৰী-বিধায়ক-সাংসদ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মতে প্ৰকাশিত নাগৰিক পঞ্জীখন এখন ‘পেলনীয়া কাগজ’!দেশ চলোৱা, চৰকাৰী কাৰ্যালয় চলোৱা বিষয়াসকলে দলিল এখন কেনেকৈ প্ৰকাশ হয় আৰু প্ৰকাশ পালে তাৰ কি মূল্য থাকে, সেই কথাটো নজনা নহয়। তাতে সমগ্ৰ কামটো উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত কৰা হৈছে। আমি নিজকে চিন্তাশীল আৰু গভীৰ মানুহ বুলি কওঁ।আমাৰ কামবোৰে সেই কথাটো সত্য বুলি কয় নে ? আমি আন্দোলন কৰা উচিত নে, প্ৰথমতে কাম কৰা উচিত ?
ফোনঃ ৯৪৩৫৪-৮৬১৯৩

LEAVE A REPLY

Please enter your comment!
Please enter your name here