Home মুখ্য পৃষ্ঠা ৩.১৮ কোটিৰ ফ্লেট কিনি বিপদত প্ৰাক্তন ন্যায়াধীশঃ চিবিআয়ে তদন্ত কৰিব পদত্যাগী ন্যায়াধীশ...

৩.১৮ কোটিৰ ফ্লেট কিনি বিপদত প্ৰাক্তন ন্যায়াধীশঃ চিবিআয়ে তদন্ত কৰিব পদত্যাগী ন্যায়াধীশ তাহিলৰমনীৰ বিৰুদ্ধে

47
0

নতুন দিল্লীঃ মাদ্ৰাজৰ পৰা মেঘালয়লৈ বদলি কৰাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰিছিল ন্যায়াধীশ ভি কে তাহিলৰমনীয়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত তাহিলৰমনীয়ে বদলিৰ নিৰ্দেশ অগ্ৰাহ্য কৰি পদত্যাগ কৰিছিল। কিন্তু পদত্যাগ কৰাৰ পিছতেই প্ৰাক্তন ন্যায়াধীশ গৰাকীয়ে ৩.১৮ কোটি টকাৰ দুটা ফ্লেট ক্ৰয় কৰিছিল চেন্নাইৰ মূল চহৰত । এই বিষয়টোৱে বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে চোৰাংচোৱা সংস্থাই বিষয়টো অনুসন্ধান কৰি উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰে।

ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে পদত্যাগী ন্যায়াধীশ তাহিলৰমনীৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে তাহিলৰমনীয়ে ক্ৰয় কৰা এই ফ্লেট দুটাৰ বাবে কিছু ধন এইছ ডি এফচি বেংকৰ পৰা ঋণ লৈছিল আৰু অন্য একাংশ নিজৰ ছটা বেংক একাউণ্টৰ পৰা প্ৰদান কৰিছিল। কিন্তু কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে ন্যায়াধীশ তাহিলৰমনী বিতৰ্কত সোমাই পৰিছিল। তামিলনাডুৰ বিভিন্ন মন্দিৰত মূৰ্ত্তি চুৰি কৰা গোচৰত ন্যায়াধীশ গৰাকীয়ে দুষ্কৃতিকাৰীৰ পক্ষত অৱস্থান লৈছিল।

মূৰ্তি চুৰি হোৱাৰ বিষয়ে তদন্ত কৰি আইজিপি পন মণিকাভেলে দাখিল কৰিছিল প্ৰতিবেদন। ইয়াৰ ভিত্তিতে ন্যায়ালয়ে এখন খণ্ড বিচাৰপীঠ গঠন কৰি দিছিল। কিন্তু মুখ্য ন্যায়াধীশৰ দায়িত্ব লোৱাৰ পিছতে তাহিলৰমনীয়ে মূৰ্ত্তি চুৰিৰ বাবে গঠন কৰা খণ্ড বিচাৰপীঠ ভংগ কৰি নিজাববীয়াকৈ ৰায় প্ৰদান কৰিছিল। মূৰ্ত্তি চুৰিৰ গোচৰত তামিলনাডুৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম সাঙুৰ খাই পৰিছিল।

এই মন্ত্ৰী গৰাকীক সুৰক্ষা দিবৰ বাবে ন্যায়াধীশ তাহিলৰমনীয়ে নিজৰ পদবী আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। সেয়েহে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ নিৰ্দেশ অমান্য কৰি মাদ্ৰাজৰ পৰা মেঘালয়ৰ উচ্চ ন্যায়ালয়লৈ বদলি হৈ আহিবলৈ অস্বীকাৰ কৰা তাহিলৰমনীয়ে নিজৰ পদ ইস্তফা দিছিল। কিন্তু চাকৰি এৰিলেও হঠাতে দুটাকৈ ফ্লেট ক্ৰয় কৰি সকলোৰে চকু থৰ কৰি দিছিল। ইয়াৰ বাবেই পদত্যাগী তাহিলৰমনীৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here