Home অসম পুনৰ বিটিচি দখল কৰাৰ হুংকাৰ হাগ্ৰামাৰঃ এৰি দিয়া হ’ব মিত্ৰদল বিজেপিক ৩-৫,...

পুনৰ বিটিচি দখল কৰাৰ হুংকাৰ হাগ্ৰামাৰঃ এৰি দিয়া হ’ব মিত্ৰদল বিজেপিক ৩-৫, অগপক ১-২ আসন

31
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, ছালাকাটিঃ বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিৰ বাবে আগন্তুক ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ মাজতে কেইটামান মাহ বাকী থকা অৱস্থাত পৰিষদীয় অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ৰণকৌশল, কুজকাৱাজ আৰম্ভ কৰাৰ সময়তে শাসকীয় দল বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পৰিষদীয় নিৰ্বাচনক লৈ কোকৰাঝাৰত দিয়া এক মন্তব্যই পৰিষদীয় নিৰ্বাচনৰ ৰাজনীতিত এক নতুন মাত্ৰাৰ ইংগিত পোৱা গৈছে।

কোকৰাঝাৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ চহৰৰ ৰবিন্দ্ৰ নগৰত বিটিচিৰ সমবায় বিভাগৰ আৰ্থিক সাহায্যৰে নৱনিৰ্মিত ৰবিন্দ্ৰ নগৰ উন্নয়ন সমিতিৰ কাৰ্যালয় আৰু পুথিভৰাল আনুষ্ঠানিকভাৱে শুভ উম্বোধন কৰি দিয়া ভাষণত কয় যে বিপিএফ দলে পুনৰাই পাঁচ বছৰৰ বাবে বিটিচি শাসন কৰিব। আন কোনো দলে নোৱাৰে।

সমাগত পৰিষদীয় নিৰ্বাচনক লৈ বিপিএফ, বিজেপি আৰু অগপ দলৰ মিত্ৰতা অক্ষুন্ন থাকিব যদিও পৰিষদীয় নিৰ্বাচনত বিজেপিক তিনিৰ পৰা পাঁচখন আসন আৰু অগপ দলক একৰ পৰা দুখন আসন এৰি দিয়া হ’ব বুলি মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। আনপিনে বিপিএফ দলে অনাগত সময়ত বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰত আই আই টি, এইমচৰ চৌহদ স্থাপন কৰাৰ লগতে চিৰাং জিলাত বন মহাবিদ্যালয়, বাগছা জিলাত কৃষি আৰু পশু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লগতে ওদালগুৰি জিলাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ আৰু এখন কৃষি মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও নিজ মন্তব্যত উল্লেখ কৰে।

শেহতীয়াকৈ কোকৰাঝাৰ চহৰৰ লগতে জিলাখনত উদ্ভৱ হোৱা সন্দেহজনক স্প্ৰে মেন, চুৰি, ডকাইতি আৰু সোপা ধৰা আতংকই সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত মহিলাৰীয়ে কয় যে সম্প্ৰতি বিভিন্ন জাতি, জনগোষ্ঠী,ভাষা, ভাষী, ধৰ্মাৱলম্বীৰ লোকে বিটিচি অঞ্চলত ভাতৃত্ববোধ, পাৰস্পৰিক আত্মবিশ্বাস আৰু সহায় সহযোগিতাৰ মাজেৰে শান্তিপূৰ্ণভাৱে বসৱাস কৰি অঞ্চলটোৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিছে। কিন্তু বিটিচিৰ এই ছবি প্ৰত্যক্ষ কৰি ভাল নোপোৱা কোনো এটা বিশেষ এজেন্সিয়ে বিটিচিৰ শান্তিপূৰ্ণ পৰিবেশ বিনষ্ট কৰি এক সংঘাতময় পৰিস্থিতিৰ সূচনা কৰাৰ বাবে উঠি পৰি লাগিছে বুলি আশংকা ব্যক্ত কৰে হাগ্ৰামা মহিলাৰীয়ে ।

ইয়াৰোপৰি এটা বিশেষ জনগোষ্ঠীৰ ওপৰত দুষ্ট চক্ৰই সংঘটিত কৰা হাৰাশাস্তি অথবা কু কাৰ্য কেৱল উক্ত জনগোষ্ঠীৰ ওপৰতেই সীমাৱদ্ধ নাথাকে বৰঞ্চ বিটিচিৰ আন আন জাতি জনগোষ্ঠীৰ ওপৰতো তাৰ প্ৰভাৱ সমানেই পৰিব। গতিকে এনে অশুভ অসামাজিক শক্তিসমূহৰ বিৰুদ্ধে প্ৰতিটো জাতি,জনগোষ্ঠীৰ ৰাইজে ঐক্যবদ্ধভাৱে থিয় দি সমগ্ৰ বিটিচিৰ উন্নয়নৰ স্বাৰ্থত শান্তি,সম্প্ৰীতি বৰ্তাই ৰাখিবলৈকো ৰাইজলৈ আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে। তদুপৰি কোকৰাঝাৰত অব্যাহত থকা স্প্ৰেমেন, সোপাধৰা আদি কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি উক্ত কাণ্ডত অকল বড়ো যুৱতী- মহিলা হে আক্ৰান্ত হোৱা কাৰ্য ৰহস্যজনক আৰু এয়া ভাল লক্ষণ নহয় বুলি মন্তব্য কৰে।

উক্ত ঘটনাসমূহ তদন্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত কমিটী গঠন কৰাৰ বাবে দাবী উত্থাপন কৰিছে আৰু তদন্ত কৰিলেই সকলো কথা জলজল-পটপট কৈ ওলাই পৰিব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বিষয়টো সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতে আলোচনা কৰা হৈছে বুলিও সদৰি কৰিছে মহিলাৰীয়ে। উল্লেখ্য যে বালাজান তিনালী সমবায় সমিতিৰ নৱনিৰ্মিত কাৰ্যালয়টোও আজি মুকলি কৰে হাগ্ৰামা মহিলাৰীয়ে। আজিৰ কাৰ্যসূচীসমূহত বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰকে ধৰি বিপিএফৰ বহু নেতা আৰু কেইবাশতাধিক জনতাই অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here