Home মুখ্য পৃষ্ঠা সোণাৰিত মনোনয়ন পত্ৰ দাখিল বিজেপি প্ৰাৰ্থীৰঃ উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সোণাৰিত মনোনয়ন পত্ৰ দাখিল বিজেপি প্ৰাৰ্থীৰঃ উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

39
0
BJP Candidate Nabanita Handique along with Chief Minister Sarbananda Sonowal and Rameshwar teli MP submit nomination file for the bye elections of Sonari LAC Of Charaideo district at Sonari

দৈনন্দিন বাৰ্তা, ডিটে সেৱা, সোণাৰিঃ ৰাজ্যৰ চাৰিটাকৈ বিধানসভা সমষ্টিত অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা সোণাৰি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ লগতে কংগ্ৰেছ দলৰ সুশীল চুড়ীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি মনোনীত প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত চৰাইদেউ জিলাৰ উপায়ুক্তৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপি প্ৰাৰ্থীগৰাকীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন কুমাৰ গগৈ, বিধায়িকা আঙুৰলতা ডেকা, বিমল বড়া, যোগেন মহন, বিজেপিৰ জ্যেষ্ঠ নেতা অনুপ সিং ৰাজপুৰোহিত, গীতাৰ্থ গোস্বামী, প্ৰসাদ গোৱালাৰ লগতে বহুকেইজন জ্যেষ্ঠ নেতা। সহস্ৰাধিক লোকক লগত লৈ সোণাৰি নগৰত বৰষুণৰ মাজেৰে সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থী গৰাকীয়ে। মনোনয়ন পত্ৰ দাখিলৰ পাছত সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ জনসাধাৰণে এতিয়া স্বাচ্ছ্যন্দৰে জীৱন নিৰ্বাহ কৰিবলৈ সুবিধা লাভ কৰিছে।

Congress Candidate Sushil Suri filed Nomination along with other Congress Leaders at Sonari

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰণালী সলনি হৈছে যাৰ ফলত জনসাধাৰণে উপ নিৰ্বাচনত পুনৰ বিজেপি মনোনীত প্ৰাৰ্থী সকলক ভোট দি জয়ী কৰাব। ইফালে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই অসমৰ জনসাধাৰণৰ বিজেপি দলৰ প্ৰতি আস্থা থকা বুলি উল্লেখ কৰি কংগ্ৰেছ দলে বিগত সয়ছোৱাত আলি-কুলীৰ ৰাজনীতি কৰা বুলি মন্তব্য কৰে।

ইফালে মনোনয়ন দাখিলৰ পূৰ্বে ৰাইজক সম্বোধন কৰি সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়াৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে বাতিল সেই কাৰ্যসূচী। আনহাতে বিজেপি ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা সোণাৰি সমষ্টিৰ প্ৰাৰ্থীত্বৰপৰা বঞ্চিত অনুপ সিং ৰাজপুৰোহিতে উপায়ুক্ত কাৰ্যালয়ত কান্দোনত ভাগি পৰা পৰিলক্ষিত হয় যদিও টিকতৰপৰা বঞ্চিত বিজেপি ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জ্যেষ্ঠ বিজেপি নেতা অনুপ সিং ৰাজপুৰোহিতে শোক বিহ্বল মাতেৰে বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈক জয়ী কৰোৱাব বুলি মন্তব্য কৰে। ইপিনে কালি একেদিনাই দিনৰ ১২.৩০ বজাত সোণাৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশীল চুড়ীয়েও চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

মন কৰিবলগীয়া যে মূল্য বৃদ্ধিৰ প্ৰতিবাদ স্বৰূপে আলু-পিয়াঁজৰ মালা পিন্ধি সোণাৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সুশীল চুড়ীয়ে কালি চৰাইদেউ জিলাৰ উপায়ুক্তৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। নিজ গৃহৰ পৰা গায়ন-বায়নেৰে সহস্ৰাধিক সমৰ্থকক লগতলৈ শুভাযাত্ৰা কৰি মনোনয়ন পত্ৰ দাখিল কৰে সুশীল চুড়ীয়ে।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য্য, সুশান্ত বৰগোহাঁই সহযোগিতা আগবঢ়াই প্ৰাৰ্থী গৰাকীক। এই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত বহুকেইজন নেতাই কংগ্ৰেছ দলক সহায় কৰিবলৈ কংগ্ৰেছ দলৰ লগত যোগাযোগ অব্যাহত ৰখা বুলি মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিস্ফোৰক মন্তব্য কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here